Local, Vocal, Global

Man allegedly kills wife : পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি;ঘৰুৱা কন্দলৰ বাবেই স্বামীয়ে দাৰে ঘপিয়াই হত্যা কৰিলে পত্নীক

জামুগুৰিহাট,২১ এপ্ৰিল : পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি । ঘৰুৱা কন্দলৰ বাবেই স্বামীয়ে দাৰে ঘপিয়াই হত্যা কৰিলে পত্নীক(Man allegedly kills wife) ।

হত্যা,হিংসা , ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)।

কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। এইবাৰ বিলাসীপাৰাত সংঘটিত হৈছে আন এক হত্যাকাণ্ডৰ ঘটনা।

ৰাজ্যত পুনত হত্যাকাণ্ড। হত্যা,হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড।

জামুগুৰিহাটত চাঞ্চল্যকৰ হত্যাকাণ্ড। জামুগুৰিহাটত পুনৰ পাষাণ স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ!পত্নীক ঘপিয়াই হত্যা কৰি আৰক্ষীৰ জালত স্বামী ।

জামুগুৰিহাটৰ নিকটবৰ্ত্তী দক্ষিন বালিজুৰিৰ চাওতাল চুবুৰিত সংঘটিত হয় এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাটো ৷ স্বামীৰ দাৰ ঘাপত মৃত্যু হয় পত্নীৰ । মৃত্যু মহিলাগৰাকীৰ নাম জোনমনি চাওতাল বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে, শনিবাৰে নিশা পাৰিবাৰিক কাৰণত দুই সন্তানৰ মাতৃ জোনমনি চাওতালক স্বামী ঠুংগী চাওতালে চোকা দৰে ঘপিয়াই হত্যা কৰি পলায়ন কৰে ৷ আজি পুৱা স্থানীয় ৰাইজৰ সহযোগত ইটাখোলা আৰক্ষীয়ে ঠুংগী চাওতালক গ্ৰেপ্তাৰ কৰি আৰক্ষী থানালৈ আনি জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : Terrible road accident in Uttar Pradesh : বিবাহ অনুষ্ঠানলৈ গৈ থকা তিনি যুৱকক মহতিয়াই নিলে ট্ৰাকে