Road crash in Rajasthan leaves nine dead : ভান আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ ;নিহত ৯জন
নিউজ ডেস্ক,২১ এপ্ৰিল : ভয়ংকৰ পথ দুৰ্ঘটনা। ভান আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ ফলত থিতাতে নিহত ৯জনকৈ লোক(Road crash in Rajasthan leaves nine dead) ।
ৰাজস্থানত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা ৷ দেওবাৰে ৰাজস্থানৰ ঝালাৱাৰ জিলাৰ অকলেৰা থানা এলেকাত সংঘটিত হৈছে এই হৃদয় বিদাৰক দুৰ্ঘটনাটো ।
জানিব পৰা মতে, মধ্যপ্ৰদেশৰ পৰা এখন ভেনেৰে দুগৰগাঁৱৰ বাসিন্দ নিজৰ ঘৰলৈ উভতি আহিছিল । সেই সময়তে দ্ৰুতগতিত অহা ট্ৰলী এখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন ভেনত খুন্দা মাৰে ফলত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনাটো । এই দুৰ্ঘটনাৰ ফলত একেটা অঞ্চলৰ ৯ জনকৈ লোকৰ মৃত্যুৰ ঘটে(Nine returning from wedding party killed in van-trolley collision in Jhalawar) ।
এই ঘটনা সন্দৰ্ভত অকলেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সন্দীপ বিষ্ণৈয়ে জনোৱা অনুসৰি , শনিবাৰে অকলেৰাৰ সমীপৰ ডুংগাৰ গাঁৱৰ বাগৰি সম্প্ৰদায়ৰ লোকসকল তেওঁলোকৰ আত্মীয়ৰ বিবাহ অনুষ্ঠানৰ বাবে মধ্যপ্ৰদেশলৈ গৈছিল । উক্ত বিবাহ কাৰ্যসূচীৰ পৰা ঘৰ অভিমুখে গৈ থাকোতে ভ্যানখনত তীব্ৰবেগী ট্ৰলী এখনে খুন্দা মাৰে । এই দুৰ্ঘটনাত ৯ জন লোকৰ মৃত্যু ঘটে । বৰ্তমান আৰক্ষীয়ে মৃতদেহবোৰ অকলেৰাৰ সমূহীয়া স্বাস্থ্যকেন্দ্ৰত ৰাখিছে ।
বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
লগতে পঢ়ক : MP Naba Kumar Sarania : জাতিগত পত্ৰৰ বিসংগতিৰ বাবে শৰণীয়াৰ মনোনয়ন বাতিল