2 dead, 2 injured after clash breaks out between inmates at Punjab jail : কাৰাগাৰৰ ভিতৰতে দুই ফৈদৰ মাজত সংঘৰ্ষ,নিহত ২জন কয়দী, আহত ২জন কয়দী
নেশ্যনেল ডেস্ক,২০এপ্ৰিল : কাৰাগাৰৰ ভিতৰতে দুই ফৈদৰ মাজত সংঘৰ্ষ । সংঘৰ্ষত মৃত্যু ২ জনকৈ কাৰাবন্দী(2 dead, 2 injured after clash breaks out between inmates at Punjab jail) ।
পঞ্জাৱৰ চাংৰুৰ কাৰাগাৰত সংঘটিত হৈছে এই অঘটনটো । শুকুৰবাৰে সন্ধিয়া পঞ্জাৱৰ চাংৰুৰ কাৰাগাৰত দুই ফৈদৰ মাজত তুমুল সংঘাত হয় ।সংঘাতত ২ জনকৈ কয়দীৰ মৃত্যু হয়। আনহাত আহত হয় আন দুজন কয়দী।
কাৰাগাৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি, শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭ বজাত গণনা চলি আছিল আৰু সেই সময়তে ৬ নং ৱাৰ্ডৰ ১০ জন কয়দীয়ে ৭ নং ৱাৰ্ডলৈ যায় আৰু সেই ৱাৰ্ডত থকা চাৰিজন কয়দীক আক্ৰমণ কৰে।এই আক্ৰমণত দুজনৰ মৃত্যু হোৱাৰ লগতে আন দুজন আহত হয়।
কাৰাগাৰ কৰ্তৃপক্ষই আহতসকলক তাৎক্ষণিকভাৱে চাংৰুৰৰ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ লগে লগেই কাৰাগাৰা কৰ্তৃপক্ষ সেই স্থানত গৈ উপস্থিত হয় আৰু কাৰাগাৰৰ এলাৰ্ম বজায়। ফলত এই আক্ৰমণ অধিক ৰক্তক্ষয়ী হোৱাৰ পৰা ৰক্ষা পৰে(2 dead, 2 injured after clash breaks out between inmates at Punjab jail)।
লগতে পঢ়ক : silver jubilee : ৰূপালী জয়ন্তী গৰকা সুঁৱৰি উৎসৱেৰে উদুলি মুদুলি বকো