Local, Vocal, Global

সংৰক্ষিত বনাঞ্চলত বনদস্যুৰ সন্ত্ৰাস

বিলাসীপাৰা,২০ এপ্ৰিল : সংৰক্ষিত বনাঞ্চলত বনদস্যুৰ সন্ত্ৰাস ।বিলাসীপাৰাত গছ কাটি থাকোতেই আটক দুস্কৃতিকাৰীক ।

বিলাসীপাৰাত বন দস্যুৰ ভয়ংকৰ সন্ত্ৰাস। বন দস্যুই বন বিভাগৰ চকুত ধূলি দি বিলাসীপাৰা মহকুমাৰ বিভিন্ন প্ৰান্তত অব্যাহত ৰাখিছে বন নিধন ধ্বংস লীলা। নিতৌ ন ন কৌশলৰে সংৰক্ষিত বনাঞ্চলৰ প্ৰকাণ্ড প্ৰকাণ্ড গছ কাটি তহিলং কৰিছে একাংশ চোৰাং বন মাফিয়াই।

তেনে বন দস্যুক বিচাৰি বিলাসীপাৰা মহকুমাৰ শ্ৰীগ্ৰামত বন বিভাগৰ অভিযান। অভিযানত শ্ৰীগ্ৰাম সংৰক্ষিত বনাঞ্চলৰ পৰা গছ কাটি থকা অবস্থাত আটক কৰে এজন চোৰাং বন মাফিয়া কুৰান আলীক।

পলায়ন কৰে আন দুজন চোৰাং কাঠ মাফিয়া। কুৰান আলীৰ ঘৰ খেৰডুবী গাঁৱত বুলি জানিৱ পৰা গৈছে। কুৰাণ আলী বন বিভাগে জেল হাজো লৈ প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে। বাকী দুজন বন মাফিয়াৰ বিৰূদ্ধে অভিযান অব্যাহত ৰাখিছে শালকোচা বন বিভাগে। শালকোচা আঞ্চলিক বন বিষয়াৰ নেতৃত্বত সৰ্পমাৰী খণ্ড বন বিভাগৰ দলে চলাইছিল এই অভিযান।