PM Narendra Modi and Bengal CM Mamata Banerjee to campaign in Assam : আজি অসমত নিৰ্বাচনী ৰণডংকা বজাই প্ৰধানমন্ত্ৰীৰ লগতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে

নিউজ ডেস্ক, ১৭ এপ্ৰিল : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিন । বিয়লি ৫ বজাত সমাপ্ত কৰিব লাগিব নিৰ্বাচনী প্ৰচাৰ(PM Narendra Modi and Bengal CM Mamata Banerjee to campaign in Assam) ।
আজি নিৰ্বাচনী ৰণডংকা বজাবলৈ অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰীৰ লগতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ।
প্ৰথমবাৰৰ বাবে লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ অসম ভ্ৰমণ । পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দুপৰীয়া ১২ বজাত এক বিশেষ বিমানেৰে শিলচৰ বিমানবন্দৰত অৱতৰণ কৰে । শিলচৰ লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছে মমতা বেনাৰ্জী । তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰা, পশ্চিমবংগৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱ আৰু শিলচৰ লোকসভাৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীক আদৰিবলৈ শিলচৰ বিমানবন্দৰত উপস্থিত হয়(PM Narendra Modi and Bengal CM Mamata Banerjee to campaign in Assam) ।
আনহাতে, মমতা বেনাৰ্জীৰ নিৰ্বাচনী জনসভাৰ বাবে কাছাৰ আৰক্ষী প্ৰশাসনে কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে । কেৱল কাছাৰ জিলা প্ৰশাসনেই নহয়, মমতা বেনাৰ্জীৰ নিৰাপত্তাৰ বাবে পশ্চিমবংগৰ এটা আৰক্ষীৰ দলো উপস্থিত হৈছে শিলচৰত । নিৰ্বাচনী প্ৰচাৰ শেষ কৰি পুনৰ শিলচৰ বিমানবন্দৰৰ পৰা পশ্চিমবংগলৈ উৰা মাৰিব মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ।
ইফালে আজি নলবাৰীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নলবাৰীৰ বৰকুৰাত বিশাল পথাৰত জনসভাত অংশ ল’য় প্ৰধানমন্ত্ৰী গৰাকীয়ে। মিত্ৰজোটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ কাৰ্যসূচীত অংশ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে(PM Narendra Modi to campaign in Assam)।
লগতে পঢ়ক : Surya Tilak at newly built Ram Temple : অযোধ্যাৰ ৰাম মন্দিৰত ৰামলালাৰ ‘সূৰ্য তিলক’