Sarbananda Sonowal Election Campaign : নামঘৰে নামঘৰে সেৱা লৈছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে
নিউজ ডেস্ক,১৫ এপ্ৰিল : নামঘৰে নামঘৰে লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল।
আজি চাবুৱাস্থিত পানীতোলা বৰ নামঘৰত উপস্থিত হয় ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল(Sarbananda Sonowal Election Campaign)।
নামঘৰত উপস্থিত হৈ ভকত-বৈষ্ণৱৰ উপস্থিতিত নেদেখাজনৰ ওচৰত আঁঠু লয় সোণোৱালে।
এই সময়ছোৱাত তেওঁক সংগ দিয়ে চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা, লাহোৱালৰ প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ লগতে কেবাগৰাকী দলীয় কৰ্মীয়ে।