Local, Vocal, Global

Eight Nepalese citizens killed in Nainital road accident : নিয়ন্ত্ৰণ হেৰুৱাই শ্ৰমিক কঢ়িয়াই নিয়া বাহন সোমাল দ খাৱৈত;নিহত ৮গৰাকী, আহত ২গৰাকী

নেশ্যনেল ডেস্ক,৯ এপ্ৰিল : এক মৰ্মান্তিক দুৰ্ঘটনা । থিতাতে নিহত ৮গৰাকী, আহত ২গৰাকী ।

উত্তৰাখণ্ডৰ নাইনিটালত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা ।নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী বাহন সোমাই যায় দ খাৱৈত(Eight Nepalese citizens killed in Nainital road accident) ।

জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত বাহনখনত অহা লোকসকলে বেটালঘাটৰ উঞ্চকোট গাঁৱত জল জীৱন মিছন প্ৰকল্পত কাম কৰি আছিল আৰু কাম শেষ হোৱাৰ পিছত নেপালী শ্ৰমিক কেইজনে ৰামনগৰ হৈ চম্পাৱত জিলাৰ তানকপুৰত ঘৰলৈ উভতি যাবলৈ এখন বাহন বুকিং কৰে । যাত্ৰীবাহন খনত ঘৰ অভিমুখে গৈ থকাৰ সময়তে সোমবাৰে নিশা প্ৰায় ১০.৩০বজাত পথত নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো ।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ততাতৈয়াকৈ অঞ্চলটোৰ আশে-পাশে থকা গাঁওবাসীয়ে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে। ‘এছ ডি আৰ এফৰ দলৰ সৈতে ততাতৈয়াকৈ সেই স্থানলৈ গৈ গাঁৱৰ ৰাইজৰ সহায়ত উদ্ধাৰ অভিযান আৰম্ভ কৰে।

এই ভয়ংকৰ দুৰ্ঘটনাৰ ফলত চালকসহ ৭ জন লোক থিতাতে নিহত হয়। নিহত লোকসকল ক্ৰমে বিষ ৰাম (৫০), ধীৰাজ (৪৫), অনন্ত ৰাম চৌধাৰী (৪০), বিনোদ চৌধুৰী (৩৮), উদয় ৰাম চৌধুৰী (৫৫), তিলক ৰাম চৌধুৰী (৪৫) আৰু গোপাল (৬০)। ইফালে এই ভয়ংকৰ দুৰ্ঘটনা আহত হোৱা লোক দুজন শান্তি চৌধুৰী আৰু ছোতু চৌধুৰী বুলি জানিব পৰা গৈছে।

বেটালঘাট আৰক্ষী থানাৰ ষ্টেচন হাউছ অফিচাৰ (এছ এইচ অ’) অনিশ আহমেদে কয় যে, ‘আমি ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ লগে ঘটনাস্থলীত উপস্থিত হওঁ কিন্তু আমি উপস্থিত হোৱা লৈ গাঁওবাসী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছ ডি আৰ এফ)ৰ উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল। স্থানীয় লোকৰ সহযোগত এছ ডি আৰ এফ বাহিনী উদ্ধাৰ অভিযান চলাই যদিও আন্ধাৰ হোৱাৰ বাবে উদ্ধাৰ অভিযানত সময় লাগে(Seven Nepalese Nationals Among Eight Killed in Road Accident in Nainital) ।

লগতে পঢ়ক : Defense Minister Rajnath Singh will visit Arunachal Pradesh today : আজি অৰুণাচল প্ৰদেশলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং