Tragic Road Accident : প্ৰাতঃভ্ৰমণলৈ যোৱা মহিলাক মহতিয়াই নিলে ডাম্পাৰে

নিউজ ডেস্ক, ৯এপ্ৰিল : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য । একাংশ উদণ্ড ডাম্পাৰ চালকৰ বাবে ৰাজ্যত নিতৌ সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ ভয়ত এতিয়া পথলৈ ওলাই আহিবলৈ ভয় কৰা হৈছে সাধাৰণ লোকে ।এই ডাম্পাৰৰ বাবে সংঘটিত হৈ অহা পথ দুৰ্ঘটনাই দৈনিক সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে(Road Accident)।
ডাম্পাৰৰ দৌৰাত্ম্যই অতিষ্ঠ কৰি তুলিছে পথচাৰীৰ লগতে পথৰ কাষত বসবাস কৰি অহা আৱাসিকলক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰাই অধিকাংশ ডাম্পাৰে দৌৰাত্ম্য অব্যাহত ৰখাৰ পিছতো ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আহিছে পৰিবহণ বিভাগৰ লগতে প্ৰশাসনে(Tragic Road Accident)।
এইবাৰ মৰিয়নিত ডাম্পাৰৰ দৌৰাত্ম্যক । মৰিয়নিৰ চেলেংহাটত ডাম্পাৰৰ খুন্দাত নিহত মহিলা ।
অবৈধ বালি কঢ়িওৱা ডাম্পাৰে মহতিয়াই নিলে প্ৰাতঃভ্ৰমণৰত মহিলা গৰাকীক । ফলত থিতাতে নিহত হয় মহিলাগৰাকী । নিহত মহিলাগৰাকী চেলেংহাট টেঙাবাৰীৰ মল্লিকা গগৈ দুৱাৰা বুলি জানিব পৰা গৈছে ।
এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে AS04-BC-6286 নম্বৰৰ ডাম্পাৰখন জব্দ কৰিছে চেলেংহাট আৰক্ষীয়ে ।
লগতে পঢ়ক : Massive fire breaks out at Bilasipara : বিলাসীপাৰাত বিশাল মৰাপাটৰ গুদামত বিধ্বংসী অগ্নিকাণ্ড