Local, Vocal, Global

AAP Leader Atishi Marlena Ventures To Dibrugarh For Intensive Lok Sabha Campaign : ডিব্ৰুগড়ত উপস্থিত আপ নেত্ৰী আতিশী মাৰ্লেনা সিং

নিউজ ডেস্ক, ৮এপ্ৰিল : ডিব্ৰুগড়ত উপস্থিত আপ নেত্ৰী আতিশী মাৰ্লেনা সিং । তিনিদিনীয় ভ্ৰমণসূচীয়ে সোমবাৰে ডিব্ৰুগড়ত উপস্থিত হয় আপ নেত্ৰীগৰাকীয়ে।

ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত আপৰ নেত্ৰীগৰাকী উপস্থিত হোৱাৰ পাচত আপৰ নেতা-কৰ্মীসকলে ডিব্ৰুগড় বিমান বন্দৰত উষ্ম আদৰণি জনায় আতিশীক ।বিমান বন্দৰত উপস্থিত হৈয়ে ৰাজ্য চৰকাৰৰ কাম-কাজ সন্দৰ্ভত ক্ষুৰধাৰ সমালোচনা কৰে আপ নেত্ৰীগৰাকীয়ে ।

জানিব পৰা মতে, আজি দুলীয়াজানত আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ হৈ এটা নিৰ্বাচনী ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব আপ নেত্ৰীগৰাকীয়ে । তিনিদিনীয় ভ্ৰমণসূচীত ডিব্ৰুগড় আৰু শোণিতপুৰত আপৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব দিল্লীৰ শিক্ষামন্ত্ৰীগৰাকীয়ে(AAP Leader Atishi Marlena Ventures To Dibrugarh For Intensive Lok Sabha Campaign Ahead Of April 19 Elections) ।

লগতে পঢ়ক : Former minister Chandan Brahma to join UPPL on April 12 : BPFএৰিলে চন্দন ব্ৰহ্মই; ১২ এপ্ৰিলত UPPLত যোগ দিব চন্দন ব্ৰহ্মই