আলফাৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই ব্যৰ্থতাৰ ক্ষোভ!
শিৱসাগৰ,৭ এপ্ৰিল : আলফাৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই ব্যৰ্থতাৰ ক্ষোভ! শিৱসাগৰৰ ৰংঘৰৰ সমূখত ভূমিষ্ঠ এটা নতুন দল ।
শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ সন্মুখত ভুমিষ্ঠ হ’ল নতুন দল । আলফা প্ৰতিষ্ঠা দিৱসৰ দিনা আলফাৰ প্ৰতি উজাৰিলে ক্ষোভ। আলফা প্ৰাক্তন সদস্য সকলে তেঁওলোকৰ এসময়ৰ সতীৰ্থ তথা স্বহীদ সকলৰ স্মৃতিত এঁগচি বন্তী জ্বলাবলৈ সময় নোপোৱাকলৈ ক্ষোভ শিৱসাগৰৰ এজন সচেতন ব্যক্তি প্ৰাঞ্জল ৰাজগুৰুৰ। আলফাৰ চাৰি দশকজোৱা সংগ্ৰামত কেৱল হেৰুৱাৰহে বেদনা পালে অসমে।
ইমান বেদনা গধূৰ সময়ত জাতিয়ে বহু হেৰুৱাব লগা হ’ল পাঁলো কি প্ৰশ্ন সচেতন ব্যক্তিজনৰ। দেশ আৰু আই অসমীৰ বাবে এক দৃঢ় সংকল্পলৈ”নিখিল অসম নব্য-জনগণতান্ত্ৰিক সমাজবাদী স্বৰাজ পাৰ্টী গঠন”। এক নতুন স্বৰাজ গঢ়াৰ সংগ্ৰাম হব,আগতে ব্ৰিটীছৰ বিৰোদ্ধে এতিয়া আমাৰ আত্মাৰ বিৰোদ্ধে হব।আজিৰে পৰা দুখীয়া নিপিড়িত জনতাৰ বাবে কাম কৰি যোৱাৰ সংকল্প গ্ৰহন ঐতিসাহিক ৰংঘৰৰ সন্মুখত।
লগতে পঢ়ক : Dry days in Delhi for Lok Sabha polls : দিল্লীত নিৰ্বাচনৰ বাবে ড্ৰাই ডে’ ঘোষণা