Local, Vocal, Global

wild elephant attack in boko : বকোত বন্যহস্তীৰ আক্ৰমণত নিহত এজন

নিউজ ডেস্ক, ৭এপ্ৰিল : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in boko)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়( wild elephant attack in boko)।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বকোত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে হাতী মানুহৰ সংঘাত । বকোত বন্যহস্তীৰ আক্ৰমণত নিহত এজন । বকোৰ গোহালকোনাত শনিবাৰে নিশা সংঘটিত হয় এক কৰুণ ঘটনাটো ৷

জানিব পৰা মতে, গোহালকোনাৰ সমীপৰ পাহাৰত থকা বাগানত নিয়োজিত হৈ আছিল লোকজন।কামত নিয়োজিত হৈ থকাৰ সময়তে ৫ টা হাতীৰ জাক এটাই লোকজনক আক্ৰমণ কৰে ফলত মৃত্যু হয় লোকজনৰ। নিহত লোকজন হামচিং কে মাৰাক (৫৭) বুলি জানিব পৰা গৈছে । এই ঘটনাটোৰ পিছত সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে ।

আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।

হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।

লগতে পঢ়ক : AAP Leader Atishi Marlena to Campaign in Assam : নিৰ্বাচনীয় প্ৰচাৰৰ উদ্দেশ্যে অসমলৈ আহিব আপৰ নেত্ৰী আতিশী মাৰ্লেনা