Pathetic road condition : জৰাজীৰ্ণ পথে জ্বলাকলা খুৱাইছে মাৰ্ঘেৰিটাবাসীক
মাৰ্ঘেৰিটা,৬এপ্ৰিল : জৰাজীৰ্ণ ব্যস্ত পথে জ্বলাকলা খুৱাইছে মাৰ্ঘেৰিটাবাসীক । স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ গা-এৰা মনোভাৱত ক্ষুন্ন জনতা ।
বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনৰ যিমানেই উন্নয়নৰ কথা নকওক কিয়, প্ৰকৃততে ৰাজ্যখনৰ কিমান উন্নয়ন হৈছে মাৰ্ঘেৰিটা নগৰৰ সদা ব্যস্ত এটি জৰাজীৰ্ণ পথেই প্ৰমাণ কৰিছে। মাৰ্ঘেৰিটা বুদ্ধ বিহাৰ পৰা মাৰ্ঘেৰিটা চাংলাং তিনিয়ালি হৈ অৰুণাচল সংযোগী পথছোৱাৰ জৰাজীৰ্ণ অৱস্থাই জ্বলাকলা খোৱাইছে সৰ্বসাধাৰণ ৰাইজক(Pathetic road condition )।
উক্ত পথছোৱা মাৰ্ঘেৰিটা পৌৰসভাৰ ১০ নং ৱাৰ্ডৰ অন্তৰ্গত। দীৰ্ঘদিনে পথছোৱা মেৰামতি নকৰাৰ বাবে ৰাইজে জীয়াতু ভুগিছে আহিছে। উক্ত পথছোৱাইদি দৈনিক ১০০০ খনৰো গাড়ী মাৰ্ঘেৰিটা হৈ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ চাংলাং,খোনছা আদি অঞ্চললৈ অহা যোৱা কৰে। স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাক বিগত সময়ত বহুবাৰ আৱেদন নিৱেদন কৰিও কোনো সুফল পোৱা নোপোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।
অঞ্চলবাসীয়ে অতি শীঘ্ৰে পথছোৱা নতুনকৈ নিৰ্মাণ কৰিব বাবে স্থানীয় প্ৰশাসনৰ লগতে অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছে।