Local, Vocal, Global

Dry Day Declared In Lakhimpur : লখিমপুৰ জিলাত ড্ৰাই ডে’ ঘোষণা

নিউজ ডেস্ক,৬ এপ্ৰিল : লখিমপুৰ জিলাত ড্ৰাই ডে’ ঘোষণা । ১৭এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা ১৯ এপ্ৰিলৰ বিয়লি ৫ বজালৈ। লগতে ৬ জুনৰ দিনা সমগ্ৰ লখিমপুৰ জিলাত ড্ৰাই ডে’ ঘোষণা ।

ইফালে লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত লখিমপুৰত নিষিদ্ধ ঘোষণা সকলো ধৰণৰ দেশী আৰু বিদেশী সুৰা, নিচাযুক্ত সামগ্ৰীৰ বিক্ৰী আৰু সৰবৰাহ । শনিবাৰে জাৰি কৰে এই নিৰ্দেশনা ।

শনিবাৰে লখিমপুৰ জিলাৰ জিলা আয়ুক্ত গায়ত্ৰী দেৱী দাস হাৰলিঙ্গে জিলা প্ৰশাসনৰ আবকাৰী শাখাৰ পৰা এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। জিলা আয়ুক্তগৰাকীয়ে EXCI/13/24/EXCISE /LKPR/88 নম্বৰৰ এক নিৰ্দেশনা অনুসৰি সমগ্ৰ লখিমপুৰ জিলাত কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰিছে ।

জানিব পৰা মতে, জিলাখনৰ সকলো হোটেল, ধাবা, অন্য বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান, ব্যক্তিগত আৰু ৰাজহুৱা স্থানত সকলো ধৰণৰ নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন বিক্ৰী, সেৱন আৰু পান সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰিছে। তাৰোপৰি জিলাখনত থকা সকলো বিলাতী সুৰাৰ বণ্ড , বিলাতী সুৰাৰ বাৰ, বিলাতী সুৰাৰ দোকান, ক্লাব, ষ্টাৰ যুক্ত হোটেলকে প্ৰমুখ্য কৰি সকলো দেশী-বিদেশী সুৰাৰ বিপনী বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰা হৈছে নিৰ্দেশনাটোত(Dry Day Declared In Lakhimpur)।

অহা ১৭এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা ১৯ এপ্ৰিলৰ বিয়লি ৫ বজালৈ এই সময়ছোৱাৰ লগতে অহা ৬ জুনৰ দিনা সমগ্ৰ লখিমপুৰ জিলাত ড্ৰাই ডে’ ঘোষণা কৰিছে। ভোট গ্ৰহণ আৰু ভোট গণনাৰ দিনা কাৰ্যকৰী হোৱাকৈ জাৰি কৰা এই নিৰ্দেশনা উলংঘাকাৰীৰ বিৰুদ্ধে আবকাৰী আইন অনুসৰি কঠোৰ বিধি ব্যৱস্থা বলবৎ কৰা হ’ব বুলি নিৰ্দেশনাটোত সকীয়াই দিয়া হৈছে ।

লগতে পঢ়ক : CM is campaigning for Jorhat Lok Sabha constituency candidate MP Tapan Kumar Gogoi in Titabor : গৌৰৱ গগৈক পৰাস্ত কৰিবলৈ তৎপৰ অসম বিজেপিৰ শীৰ্ষ নেতৃত্ব