Jonmani Rabha’s mother appears before judicial court in Kaliabor : CBIৰ বিষয়াৰ লগত কলিয়াবৰ ন্যায়িক আদালতত উপস্থিত হয় জোনমণি ৰাভাৰ মাতৃ

নিউজ ডেস্ক, ৪এপ্ৰিল : আজি কলিয়াবৰ ন্যায়িক আদালতত উপস্থিত হয় জোনমণি ৰাভাৰ মাতৃ।জোনমণি ৰাভাৰ মাতৃৰ লগত আছে CBIৰ বিষয়া।
জখলাবন্ধা থানাত ৰুজু হোৱা গোচৰ সন্দৰ্ভত আদালতত হাজিৰ জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভা। CBIৰ আৱেষ্টনীৰে আদালতত উপস্থিত সুমিত্ৰা ৰাভা। জখলাবন্ধা থানাত ৮৪/২৩, ৮৭/২৩ নম্বৰত ৰুজু হৈছিল গোচৰ। সুমিত্ৰা ৰাভাই উঠাই ল’লে ৮৭/২৩ নম্বৰৰ গোচৰ(Jonmani Rabha’s mother appears before judicial court in Kaliabor)।
ব্যক্তিগত অসুবিধাৰ বাবে সুমিত্ৰা ৰাভাই ৮৭/২৩ নং গোচৰটো উঠাই লোৱাৰ বাবে আবেদন কৰে। কিন্তু চিবিআইৰ আৱেষ্টনীৰে আদালতত উপস্থিত হোৱাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।