One Dead, 2 Injured As Car Crashes Into Tree : নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ বেগী বাহনে খুন্দিয়ালে গছত;নিহত এজন, আহত দুজন

নিউজ ডেস্ক,৪এপ্ৰিল : গোৱালপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা । দ্ৰুতবেগী বাহনে খুন্দিয়ালে গছত ফলত থিতাতে নিহত এজন, আহত দুজন ।
বৃহস্পতিবাৰে সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো(One Dead, 2 Injured As Car Crashes Into Tree In Goalpara) ।
জানিব পৰা মতে, তীব্ৰ বেগেৰে আহি থকা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই কৃষ্ণাই অঞ্চলত পথৰ কাষৰ গছত খুন্দা মাৰে ফলত এজন আৱাসী লোকৰ মৃত্যু হোৱাৰ লগতে আন দুজন লোক গুৰুতৰভাৱে আহত হয়।
এই ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হোৱা লোকজন আব্দুল আলী বুলি চিনাক্ত হোৱাৰ বিপৰীতে আহত হৈছে বাবু শ্বেখ আৰু জুবিৰুল ইছলাম বুলি জানিব পৰা গৈছে।
ইফালে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ইয়াৰ পিছতে স্থানীয় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে(One Dead, 2 Injured As Car Crashes Into Tree )।
লগতে পঢ়ক : Tragic Road Accident in Dima Hasao : ডিমা হাচাওত টাটা চুম’ আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষ