Local, Vocal, Global

Tragic Road Accident in Dima Hasao : ডিমা হাচাওত টাটা চুম’ আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষ

নিউজ ডেস্ক,৪ মাৰ্চ : শোকাৱহ দুৰ্ঘটনা । নিহত এজন, আহত এজন ।

ডিমা হাচাও জিলাৰ উমৰাংছ’ত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ।

জানিব পৰা মতে,বুধবাৰে নিশা উমৰাংছ’ৰ ১৪ কিলোত টাটা চুম’ আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষ হয় । ফলত নিহত হয় স্কুটী আৰোহীজন । নিহত স্কুটী আৰোহীজন অনিল মাৰাক বুলি চিনাক্ত কৰা হৈছে ।

ইফালে এই ভয়ংকৰ দুৰ্ঘটনাটো গুৰুতৰভাবে আহত হয় টাটা চুম’খনৰ চালক ৰঞ্জু দাস নামৰ লোকজন(Tragic Road Accident in Dima Hasao) ।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে উন্নত চিকিৎসাৰ বাবে লোক দুজনক হোজাইলৈ প্ৰেৰণ কৰা হয় যদিও অনিল মাৰাকৰ আদবাটতে মৃত্যু হয় ।

দুৰ্ঘটনাগ্ৰস্ত টাটা চুম’খনৰ নম্বৰ ML-05C-4398 আৰু স্কুটীখনৰ নম্বৰ AS31-E-5079 ।

লগতে পঢ়ক : liquor seized chaiduwar : গহপুৰত জব্দ বুজন পৰিমাণৰ অৰুণাচলী সুৰা