Local, Vocal, Global

liquor seized chaiduwar : গহপুৰত জব্দ বুজন পৰিমাণৰ অৰুণাচলী সুৰা

নিউজ ডেস্ক,৪ এপ্ৰিল : গহপুৰত সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান(liquor seized chaiduwar) ।

গহপুৰ মহকুমাৰ অন্তৰ্গত হেলেমৰ উত্তৰাঞ্চলত অৰুণাচলী সুৰাৰ বিৰূদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে।

বুধবাৰে আৰক্ষীয়ে চলাই এই অভিযান । অভিযানত বুধবাৰে হেলেম আৰক্ষী থানাৰ অন্তৰ্গত মৰা চেঙেলীত জব্দ কৰে প্ৰায় ২৭ কাৰ্টুন অৰুণাচলী সুৰা(Police raid against liquor in Gohpur)।

জানিব পৰা মতে, বিশ্বনাথ জিলাৰ উপ-আৰক্ষী অধীক্ষক(সদৰ) নৱজিৎ বাগৰি,বৰগাং কেম্পৰ এছ এছ বিৰ সহকাৰী কমানডেণ্ট হিমাংশু মহান্তি,উপ আৰক্ষী অধীক্ষক(প্ৰবেছনাৰ) বিশাল গগৈৰ নেতৃত্বত হেলেম আৰক্ষীয়ে চলাই অভিযান । অভিযানত প্ৰায় এক লাখ বিশ হাজাৰ টকা মূল্যৰ অৰুণাচলী সুৰা জব্দ কৰে । এ এছ ৩২ বি ০৭৭১ নম্বৰৰ এখন ব্যক্তিগত বাহনেৰে অৰুণাচল বালিজানৰ পৰা টেটোনবাৰী অভিমুখে কঢ়িয়াই আনি থকাৰ পথত মৰা চেঙেলীৰ সমীপত গাড়ীসহ জব্দ হোৱা অৰুণাচলী সুৰাখিনি পিছত হেলেম থানালৈ লৈ অহা হয়।

এই সুৰা সৰবৰাহৰ লগত জড়িত টেটোনবাৰীৰ ক্ষিৰোদ ৰাজবংশীক গ্ৰেপ্তাৰ কৰি তেওঁৰ বিৰুদ্ধে যাৱতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিছে হেলেম আৰক্ষীয়ে।

লগতে পঢ়ক : Rahul Gandhi declares over Rs 20 crore in assets : মনোনয়ন দাখিলৰ সময়ত ৰাহুল গান্ধীয়ে দাখিল কৰা সম্পত্তিৰ পৰিমাণে এতিয়া চৰ্চা লাভ কৰিছে