Taiwan 7.5 earthquake : টাইৱানত ৭.৪ প্ৰাবল্যৰ ভূমিকম্প;জাপানত ছুনামিৰ আশংকা
ইণ্টাৰনেশ্যনেল ডেস্ক,৩মাৰ্চ : টাইৱানত প্ৰবল ভূঁইকঁপ। ভূমিকম্পৰ ফলত জাপানত ছুনামিৰ আশংকা।
বুধবাৰে পুৱাই প্ৰায় ৭.৪ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় টাইৱানৰ উপকূলীয় অঞ্চল । ভূমিকম্পৰ ফলত টাইপেৰ বহু ঠাইত বিদ্যুৎ বিচ্ছিন্ন হয়। ভাঙি যায় পূব টাইৱানত কেইবাটাও অট্টালিকা । ভূমিকম্পৰ ফলত দক্ষিণ জাপান আৰু ফিলিপাইনছৰ দ্বীপসমূহৰ বাবে ছুনামিৰ সতৰ্কবাণী জাৰি কৰে(Taiwan 7.5 earthquake) ।
সংবাদ সংস্থা ৰয়টাৰৰ মতে, টাইৱান আৰু অকিনাৱা, জাপান আৰু ফিলিপাইনছত ছুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছে। খবৰ অনুসৰি টাইৱানত ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছে । টাইৱানৰ টেলিভিছন ষ্টেচনসমূহে ভূমিকম্পৰ অভিকেন্দ্ৰৰ ওচৰৰ হুয়ালিনত কিছুমান ভাঙি পৰা অট্টালিকাৰ ফুটেজ দেখুৱাইছিল আৰু সংবাদ মাধ্যমে প্ৰকাশ কৰিছিল যে কিছুমান লোক আবদ্ধ হৈ আছে।
টাইৱানৰ কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰশাসনে জনোৱা মতে, ভূমিকম্পৰ কেন্দ্ৰবিন্দু টাইৱান দ্বীপৰ পূব উপকূলৰ পানীত, যিটো পূব কাউন্টি হুয়ালিনৰ উপকূলৰ ঠিক ওচৰতে আছে। জাপানে দক্ষিণ প্ৰিফেকচাৰ অকিনাৱাৰ উপকূলীয় অঞ্চল খালী কৰাৰ পৰামৰ্শ জাৰি কৰে(At least four dead, tsunami warnings lifted)।
লগতে পঢ়ক : Seven dead after massive fire in Aurangabad : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ ৭ জন লোক