Dead body recovered : নলাত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ
ডিব্ৰুগড়,৩১মাৰ্চ : ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।
ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Dead body recovered)।
পুনৰ ৰাজ্যত উদ্ধাৰ মৃতদেহ । নলাত পৰি থকা অৱস্থাত উদ্ধাৰ মহিলা মৃতদেহ ।
ডিব্ৰুগড়ৰ ঠাকুৰথানত উদ্ধাৰ মহিলাৰ মৃতদেহ । এটা নলাত উৱলি যোৱা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো। মৃতদেহটো দুৰ্গন্ধ আৰু দেহৰ অৱস্থা দেখি কেইবাদিন পূৰ্বে মৃত্যু হোৱাৰ সন্দেহ কৰিছে ।
আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে । বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।