Deadbody recovered in Guwahati : মহানগৰীৰ সাতগাঁৱত উদ্ধাৰ যুৱকৰ মৃতদেহ

নিউজ ডেস্ক,৩১মাৰ্চ : পুনৰ মহানগৰীত উদ্ধাৰ মৃতদেহ । মহানগৰীৰ সাতগাঁৱত উদ্ধাৰ মৃতদেহ(Deadbody recovered) ।
ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা(Deadbody recovered in Guwahati)।
ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । বিগত দিনসমূহত মহানগৰীৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । মহানগৰীত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে ।
যেন অপৰাধৰ ঘাটিত পৰিণত হ’বলৈ ধৰিছে মহানগৰ । মৃত্যু যেন এতিয়া সহজলভ্য হৈ পৰিছে মহানগৰীত ।
মহানগৰীৰ সাতগাঁৱত মৃতদেহ উদ্ধাৰ। সাতগাঁও মিলিজুলি পথত উদ্ধাৰ যুৱকৰ মৃতদেহ। পুৱা স্থানীয় লোকে যুৱকজনৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে তাৰ পিছতে ঘটনা সন্দৰ্ভত খবৰ দিয়ে আৰক্ষীক। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনা স্থলীত উপস্থিত হয় সাতগাঁও আৰক্ষী। যুৱকজনক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে।
জানিব পৰা মতে,মৃতযুৱকজন যুৱক জনৰ নাম চুমু আলী, ঘৰ সাতগাঁওৰ নোৱাপাৰা মছজিদৰ সমীপত বুলি জানিব পৰা গৈছে। ইছাদ আলী নামৰ এজন যুৱকে হত্যা কৰাৰ বুলি দাবী কৰিছে মৃত যুৱকজনৰ পৰিয়ালৰ লোকে।
পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি, শনিবাৰে নিশাৰ ভাগত ইছাদ আলীয়ে ঘৰৰ পৰা মাতি আনিছিল চুমু আলীক। পৰিত্যক্ত ঠাইত ইছাদ আলীৰ নেতৃত্বত তিনিজনীয়া দুৰ্বৃত্তৰ দলে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ।
পূৰ্বতে ড্ৰাগছ সেৱন কৰি মাতৃক প্ৰহাৰ কৰিছিল ইছাদে। মাতৃক প্ৰহাৰ কৰাৰ বাবেই চুমু আলীয়ে প্ৰহাৰ কৰিছিল ইছাদক। ইয়াৰে পোতক তুলিবলৈ চুমু আলীক ইছাদে হত্যা কৰাৰ অভিযোগ।
চুমু আলীৰ হত্যাকাৰী ইছাদ আলীক ভেটাপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰে সাতগাঁও আৰক্ষীয়ে। সম্প্ৰতি সাতগাঁও আৰক্ষীয়ে জেৰা কৰি আছে ইছাদ আলীক।
ইপিনে, ক্ষুব্ধ একাংশ লোকে হত্যাকাৰীৰ ঘৰৰ গ্লাছ ভাঙি চুৰমাৰ কৰাৰ লগতে ঘৰৰ ক্ষতিসাধন কৰাৰ বাবেও উদ্যত হৈছে। মৃত চুমু আলীৰ মৃতদেহ হত্যাকাৰী ইছাদ আলীৰ ঘৰৰ চৌহদত কবৰস্থ কৰাৰ সিদ্ধান্ত কৰিছে ৰাইজে। ইতিমধ্যেই সাতগাঁও আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ইছাদ আলীৰ ঘৰৰ চৌহদত।
লগতে পঢ়ক : SST seized 30 lakh cash : চিলাপথাৰত জব্দ নগদ ৩০লাখ টকা