Local, Vocal, Global

BJP releases campaigners list for LS polls : ত্ৰিপুৰাত প্ৰচাৰ চলাব সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই

নেশ্যনেল ডেস্ক,৩১মাৰ্চ : ভাৰতীয় জনতা পাৰ্টীয়ে মুকলি কৰিছে প্ৰচাৰকৰ তালিকা ৷ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ত্ৰিপুৰা ৰাজ্যত (অনুসূচী-১এ) আৰু ৭ নং ৰামনগৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ চলোৱা নেতাৰ নাম প্ৰকাশ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে(BJP releases campaigners list for LS polls, bye-elections in Tripura)।

প্ৰচাৰকৰ্তাৰ নামৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ সভাপতি জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, আৰু কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী।

ইয়াৰ উপৰিও তালিকাখনত অন্তৰ্ভুক্ত কৰা হৈছে সৰ্বানন্দ সোণোৱাল, অৰ্জুন মুণ্ডা, স্মৃতি ইৰাণী, কিৰেন ৰিজিজু, যোগী আদিত্যনাথ, হিমন্ত বিশ্ব শৰ্মা, মাণিক সাহা, ৰাজীব ভট্টাচাৰ্জী, বিপ্লৱ কুমাৰ দেৱ, মহাৰাণী কৃতি সিং দেবৰ্মা, ৰবীন্দ্ৰ ৰাজু, সম্বিত পাত্ৰ, প্ৰতিমা ভৌমিক, আৰু জিষ্ণু দেৱৰ নাম।

প্ৰণজিৎ সিংহ ৰায়, ৰাজু বিস্তা, হেমা মালিনী, অগ্নিমিত্ৰ পল, ৰেবাতী ত্ৰিপুৰা, মনোজ তিৱাৰী, সুৱেন্দু অধিকাৰী, মিথুন চক্ৰৱৰ্তী, ৰতন লাল নাথ, বিকাশ দেবৰ্মা আদিৰ নামো তালিকাভুক্ত কৰা হৈছে।

প্ৰণজিৎ সিংহ ৰায়, ৰাজু বিস্তা, হেমা মালিনী, অগ্নিমিত্ৰ পল, ৰেবতী ত্ৰিপুৰা, মনোজ তিৱাৰী, সুৱেন্দু অধিকাৰী, মিথুন চক্ৰৱৰ্তী, ৰতন লাল নাথ, বিকাশ দেৱবৰ্মা আদিৰ নামো তালিকাভুক্ত কৰা হৈছে তালিকাখনত ।

এই তালিকাত আছে, সুধাংশু দাস, টিংকু ৰায়, সান্তনা চাকমা, কল্যাণী ৰায়, অমিত ৰক্ষিত, পপিয়া দত্ত, ৰাম পদা জামাতিয়া, প্ৰমোদ ৰেয়াং, ভগবান দাস, সম্ভু লাল চাকমা আৰু মহম্মদ বিলাল মিঞা ।

উল্লেখ্য যে, আগন্তুক সাধাৰণ নিৰ্বাচন ৰাজ্যখনত দুটা পৰ্যায়ত অনুষ্ঠিত হোৱাৰ কথা । ১৯ এপ্ৰিলত পশ্চিম ত্ৰিপুৰাত আৰু ২৬ এপ্ৰিলত পূব ত্ৰিপুৰাত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । ৪ জুনত ভোটগণনা অনুষ্ঠিত হ’ব । ইফালে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত ৰাজ্যৰ দুয়োখন আসনত জয়লাভ কৰি চি পি আই (এম) এ বৃহৎ বিজয় লাভ কৰিছিল(BJP releases campaigners list for LS polls) ।

লগতে পঢ়ক :Assamese litterateur Bishweshwar Hazarika passes away at 91 : বিশিষ্ট ভাষাবিদ বিশ্বেশ্বৰ হাজৰিকা আৰু নাই