Job Scam : নিযুক্তিৰ নামত ভয়ংকৰ জালিয়াতি
ডুমডুমা,৩০মাৰ্চ : নিযুক্তিৰ নামত ভয়ংকৰ জালিয়াতি । ডুমডুমাৰ পৰীক্ষা কেন্দ্ৰত আৰক্ষীৰ অভিযান ।চাকৰিৰ প্ৰলোভনেৰে হাজাৰ হাজাৰ টকা সংগ্ৰহ NGO ৰ(Job Scam) ।
মাতৃ শিক্ষয়িত্ৰী আৰু সহায়িকা পদৰ নামত ভুৱা নিযুক্তিৰ বজাৰ পতা এটা চক্ৰক শুকুৰবাৰে ডুমডুমা আৰক্ষীয়ে আটক কৰে।
বাবা চাহেব ড. ভীম ৰাও আম্বেদকাৰ ছছাইটি নামৰ এটা বেচৰকাৰী সংস্থাৰ অধীনত চক্ৰটোৱে বীৰ ৰাঘৱ মৰাণ আদৰ্শ মহাবিদ্যালয়ত বুধবাৰে লিখিত পৰীক্ষা অনুষ্ঠিত কৰিছিল। কিন্তু পৰীক্ষাৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসনৰ কোনো ধৰণৰ অনুমতি নথকাত আৰক্ষীয়ে পৰীক্ষা গৃহত অভিযান চলাই।
ইয়াৰ পিছতে ওলাই পৰে নিযুক্তিৰ নামত সংঘটিত ভয়ংকৰ জালিয়াতিৰ তথ্য। চাকৰিৰ নামত তিনিচুকীয়া জিলাৰ তিনি শতাধিক মহিলাৰ পৰা ২০ হাজাৰ টকাকৈ সংগ্ৰহ কৰি প্ৰৱঞ্চনাৰ জাল পতাৰ অভিযোগ বাবা চাহেব ড.ভীম ৰাও আম্বেদকাৰ ছছাইটি নামৰ এটা বেচৰকাৰী সংস্থাটোৰ বিৰুদ্ধে।
সংস্থাটোৱে ৩৮০ গৰাকী মহিলাৰ মাজত অনুষ্ঠিত কৰিছিল লিখিত পৰীক্ষা। মাতৃ শিক্ষয়িত্ৰী আৰু সহায়িকা পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সংস্থাটোৰ হাতত নাছিল কোনো চৰকাৰী অধিসূচনা, নাছিল বিভাগীয় অনুমতি।
এই সকলো কথা পোহৰলৈ অহাৰ পিছত পৰীক্ষা গৃহত এনদৰেই চলিল ডুমডুমা আৰক্ষীৰ অভিযান। ইতিমধ্যে আৰক্ষীয়ে এই জালিয়াতি চক্ৰৰে জড়িত মহিলা সহ ৬ জন লোকক আটক কৰিছে। প্ৰৱঞ্চনাৰ জাল পাতি চাকৰিৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ চক্ৰটোৰ সৈতে জড়িত যোৰহাটৰ মমী গগৈ, ডিব্ৰুগড় টেঙাখাতৰ মীনাক্ষী বৰা আৰু তিনিচুকীয়াৰ জাহ্নৱী চেতিয়াৰ বিৰুদ্ধে।
লগতে পঢ়ক : Women of Abhayapuri deprived from govt scheme : চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এগৰাকী মহিলাৰ জীৱন সংগ্ৰাম