Local, Vocal, Global

Drinking Water Issue : ধোঁৱাচাঙত চৰকাৰৰ হৰ ঘৰ নল, হৰ ঘৰ জল আঁচনি

অভয়াপুৰী,৩০মাৰ্চ : উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ । বিজেপি নেতৃত্বাধীন ৰাজ্যত প্ৰকৃততে কিমান উন্নয়ন হৈছে ? খবৰ লবলৈ আহৰি আছে নে জনপ্ৰতিনিধিৰ ? নে উন্নয়নৰ ঢাক-ঢোল বজোৱাত ব্যস্ত হৈ আছে । উন্নয়নৰ নমুনা দেখিলে হতভম্ভ হৈ পৰিব আপুনিও । একাংশই কেৱল যেন ৰাইজক ভোট বেংক হিচাপে ব্য়ৱহাৰ কৰি আহিছে ।

শাসনাধিষ্ঠ চৰকাৰখনৰ আঁচনিৰ সীমা-সংখ্যা নাই (Assam Gov Development Schemes) । বিভিন্ন আঁচনিৰ নামকৰণেৰে হিতাধিকাৰী সৃষ্টি কৰা এইখন চৰকাৰে নিজকে জনদৰদী হিচাবে দাবী কৰি আহিছে ।শাসনাধিষ্ঠ চৰকাৰখনে চৰকাৰী আঁচনিবোৰৰ ঢাক-ঢোল বজাই আহিছে বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে ।

কিন্তু এই চৰকাৰী আঁচনিবোৰৰ পৰা প্ৰকৃততে কিমান উপকৃত হৈছে সৰ্বাসাধাৰণ ! উপযুক্ত ব্যক্তি তথা পৰিয়ালে লাভ কৰিছেনে আঁচনিবোৰৰ সুবিধা ? নে কেৱল প্ৰচাৰৰ চমকৰ বাবেই এইবোৰ আঁচনি ! এই আঁচনিবোৰে এতিয়াও ঢুকি পোৱা নাই একাংশ অঞ্চল তথা প্ৰকৃত হিতাধিকাৰীক ।

ধোঁৱাচাঙত চৰকাৰৰ হৰ ঘৰ নল, হৰ ঘৰ জল আঁচনি । এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ অভয়াপুৰীৰ ২ নং বামুনগাঁৱৰ ৰাভাপাৰা ৰাইজৰ মাজত(Drinking Water Issue)।

স্বাধীনতা লাভৰ ৭৬ টা বছৰ অতিক্ৰম কৰাৰ পাছত যিসময়ত দেশত অমৃত কালৰ কথা কোৱা হৈছে, ৰাজ্য চৰকাৰে বিকশিত অসমৰ কথা কৈ ঢাক-ঢোল বজাইছে, উন্নয়নৰ অশ্বমেধ যাত্ৰাত ৰাজ্যত এতিয়া জয় জয় ময় ময় পৰিৱেশ বুলি ক’বলৈ চৰকাৰ বাহাদুৰে কুণ্ঠাবোধ কৰা নাই সেই সময়ত ৰাভাপাৰা গাঁৱৰ একাংশ গঞাই এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ।’

যি সময়ত কেন্দ্ৰীয় চৰকাৰৰ আঁচনি জল জীৱন মিচন নামৰ অভিলাষী আঁচনিৰ নামত অসমতো কোটি কোটি টকা ব্যয় কৰি ঘৰে ঘৰে বিশুদ্ধ খোৱা পানীৰ যোগান ধৰাৰ দাবী কৰিছে সেই সময়তো এইদৰে এটুপি খোৱাপানীৰ বাবে হাহাকাৰ ৰাভাপাৰা গাঁওবাসীৰ মাজত! (Drinking water crisis)।

এটুপি খোৱাপানীৰ বাবে হাহাকাৰ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ২ নং বামুনগাঁৱৰ ৰাভাপাৰা গাঁওবাসীৰ। স্বাধীনতাৰ ৭৬ বছৰ পাৰ হৈ যোৱাৰ পাছতো কিন্তু অভয়াপুৰীৰ বড়িগাওঁ পঞ্চায়তৰ অন্তৰ্গত ৰাভাপাৰাৰ গঞা ৰাইজ খোৱাপানীৰ অধিকাৰৰ পৰা বঞ্চিত হৈ থকা পৰিলক্ষিত হৈছে।

ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰিব পৰাকৈ আঁচনিও আছে উক্ত গাঁৱখনত। কিন্তু উক্ত আচনিৰ পৰা তিলমানো উপকৃত নহল স্থানীয় ৰাইজ। গাঁৱখনত বসবাস কৰা ৫০/৬০ টা পৰিয়ালৰ প্ৰায় ৪০০ লোকৰ বাবে প্ৰয়োজন হোৱা পানী সংগ্ৰহ কৰিবলৈ গাঁৱখনতে থকা একমাত্ৰ দমকলটোৰ পাৰত গাঁওখনৰ বৃদ্ধৰ পৰা কণ-কণ শিশুলৈকে পুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হয়।

গাঁৱখনত থকা একমাত্ৰ দমকলৰ পানীৰেই বিগত ৩/৪ মাহৰ পৰা কাপোৰ ধোৱা, গা ধুৱা, খোৱা পানীৰেই অভাৱ পূৰণ কৰি আহিছে অভয়াপুৰীৰ বামুনগাঁৱৰ ২ নং ৰাভাপাৰা গাঁৱৰ ৰাইজে।

অতি শীঘ্ৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বিষয়টোত হস্তক্ষেপ কৰি অঞ্চলটোত পানীৰ সুচল ব্যৱস্থা কৰি দিবলৈ কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে।

লগতে পঢ়ক : Drinking Water Issue : ধোঁৱাচাঙত চৰকাৰৰ হৰ ঘৰ নল, হৰ ঘৰ জল আঁচনি