22-Year-Old Man Dies After Falling Under Brick Kiln : ইটা ভাটাত জুই লগাবলৈ গৈ মৃত্যু যুৱকৰ
মানকাচৰ,৩০মাৰ্চ : মানকাচৰত অঘটন । ইটা ভাটাৰ তলত পৰি মৃত্যু ২২ বছৰীয়া যুৱকৰ(22-Year-Old Man Dies After Falling Under Brick Kiln) ।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ মহিশঘুমাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো ।
জানিব পৰা মতে, শনিবাৰে পুৱা ইটা ভাটাত জুই লগাবলৈ গৈছিল যুৱকজন । সেই সময়তে ইটা ভাটাত পৰি মৃত্যু হোৱা যুৱকজন । মৃত যুৱকজন চিৰাখোৱা মহিশঘুমা গাঁৱৰ আব্দুল খালেকৰ ২২ বছৰীয়া পুত্ৰ আলী আকবৰ ৰহমান বুলি জানিব পৰা গৈছে।
এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত কালাপানী আৰক্ষী আৰু কাৰ্য্যবাহী দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী লৈ প্ৰেৰণ কৰে(22-Year-Old Man Dies After Falling Under Brick Kiln In Dhubri)।
লগতে এই ভয়ংকৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। বৰ্তমান এই ভয়ংকৰ ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।