Class 9 Student Drowns In Brahmaputra : ব্ৰহ্মপুত্ৰৰ বুকুত গা ধুবলৈ গৈ লুইতত সলিল সমাধি এজন কিশোৰৰ

নিউজ ডেস্ক,২৮মাৰ্চ : মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত গা ধুবলৈ গৈ নিখোজ ছাত্ৰ(Class 9 Student Drowns In Brahmaputra)।
মহানগৰীৰ চূণচালিত সংঘটিত হৈছে অঘটন।গা ধুবলৈ গৈ লুইতত সলিল সমাধি এজন কিশোৰৰ। সলিল সমাধি কিশোৰজন নুনমাটিৰ আনন্দনগৰৰ ইনজামুল হক বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে,নুনমাটিৰ শংকৰ-মাধৱ স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ আছিল ইনজামুল হক। বুধবাৰে বিদ্যালয়ত ঘোষণা কৰা বছেৰেকীয়া পৰীক্ষাৰ ফলাফল লৈ ২ সতীর্থৰ সৈতে গা ধুবলৈ গৈছিল ইনজামুল হক। পৰিয়াল লোকে বিচাৰ খোজাৰ কৰি ইনজামুলৰ কাপোৰ চূণচালি ঘাটত পৰি থকা দেখা পায় পৰিয়ালৰ লোকে। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে নুনমাটি থানাত খবৰ দিয়ে। আৰক্ষী লোক ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। SDRF বাহিনীৰ অভিযান চলাই উদ্ধাৰ কৰে ইনজামুল হকৰ মৃতদেহ। ইপিনে আৰক্ষীয়ে সতীৰ্থ দুই ছাত্ৰকো সোধাপোছা কৰিছে(Minor Boy Missing After Drowning in Brahmaputra River in Guwahati)।
মেধাৱী ছাত্ৰগৰাকীৰ অকাল মৃত্যুৰ বাতৰিয়ে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।
লগতে পঢ়ক : PMAY scam in Charaideo : চৰাইদেউত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত কেলেংকাৰীৰ অভিযোগ