Massive Fire Breaks Out at Duliajan : দুলীয়াজানৰ হুকুটা চাৰিআলিত ভয়ংকৰ অগ্নিকাণ্ড;অগ্নিকাণ্ড ভস্মীভূত কেইবা লক্ষাধিক মূল্যৰ সা-সামগ্রী

নিউজ ডেস্ক,২৮মাৰ্চ : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত কেইবা লক্ষাধিক মূল্যৰ সা-সামগ্ৰী ।
দুলীয়াজানৰ হুকুটা চাৰিআলিত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । বুধবাৰে নিশা দুলীয়াজানৰ হুকুটা চাৰিআলিৰ ৰাম চৰণ গুপ্তা নামৰ ব্যৱসায়ীগৰাকীৰ ডেম্পত অগ্নিকাণ্ডৰ সুত্ৰপাত হয়।
বুধবাৰে নিশা চোৰৰ এটা দলে ডেম্পটোত প্ৰৱেশ কৰি অগ্নি সংযোগ কৰাৰ অভিযোগ কৰিছে ব্যৱসায়ীগৰাকীয়ে(Massive Fire Breaks Out at Duliajan) ।
ডেম্পৰ ভিতৰত থকা কাগজৰ কাৰ্টুনৰ পৰা ভয়াৱহ অগ্নিকাণ্ডৰ সুত্ৰপাত হয়। কেইবা লক্ষাধিক মূল্যৰ সা-সামগ্ৰী জুইত জাহ যায়। ঘটনাস্থলীত অইল ইণ্ডিয়া লিমিটেডৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ বহু সময় ধৰি চলোৱা অহৰহ চেষ্টা অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। শেহতীয়াকৈ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে(Massive Fire Breaks Out at Duliajan)।