Local, Vocal, Global

Burmese supari seized : গোলোকগঞ্জত বাৰ্মিজ চুপাৰী ভৰ্তি তিনিখন বাহনসহ আটক চাৰি সৰবৰাহকাৰী

গোলোকগঞ্জ,২৭মাৰ্চ : অবৈধ বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে গোলোকগঞ্জ আৰক্ষীৰ বৃহত অভিযান।অভিযানত জব্দ বুজন পৰিমাণৰ অবৈধ বাৰ্মিজ চুপাৰী ভৰ্তি তিনিখন বলেৰ’অ পিকআপ ভেনসহ আটক চাৰি সৰবৰাহকাৰী(Burmese supari seized)।

এক গোপন সূত্ৰৰ ভিত্তিত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত কলিতাৰ নিৰ্দেশত উপ-পৰিদৰ্শক আমিনুল ইচলামৰ নেতৃত্বত চলিছিল অভিযান । গোলকগঞ্জৰ উত্তৰ ৰায়পুৰ প্ৰথম খণ্ডৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেল গেটত চলাইছিল অভিযান। অভিযানত AS18 AC 3173, AS17 C 7711 আৰু AS17 C 3437 নম্বৰৰ তিনিখন অবৈধ বাৰ্মিজ চুপাৰী ভৰ্তি বলেৰ’অ পিকআপ ভেন ৰখাই তালাচী চলায়।

তালাচীত গাড়ী তিনিখনত সন্দেহজনক অবৈধ বাৰ্মিজ চুপাৰী জব্দ কৰাৰ লগতে চাৰিজন সৰবৰাহকাৰীক আটক কৰে। আটকাধীন সৰবৰাহকাৰী কেইজন ক্ৰমে ছাদ্দাম হুচেইন (৩০) , মিন্টু সেখ(৩২), ৰহিম বাদশা (২৪) আৰু আলাল উদ্দিন (৪০)। উল্লেখ্য যে সন্দেহজনক অবৈধ বাৰ্মিজ চুপাৰীখিনি ধুবুৰীৰ যোগমায়া ঘাটৰ পৰা পশ্চিমবংগলৈ কঢ়িয়াই লৈ গৈ আছিল(Burmese supari seized)।

লগতে পঢ়ক :How much assets did Sonowal accumulate : কিমান সম্পত্তিৰ গৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল?