Local, Vocal, Global

Heroin worth crores of rupees seized in Nagaon : নগাঁৱত জব্দ কোটি টকা মূল্যৰ হেৰ’ইন, আটক দুই সৰবাৰহকাৰী

নিউজ ডেস্ক,২৬মাৰ্চ : ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই(Drugs Peddler Arrested) ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়(Drugs Peddler Arrested) ।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ ।

একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই ।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ নগাঁৱতো চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা(Heroin worth crores of rupees seized in Nagaon) ।

মঙলবাৰে নগাঁৱত পুনৰ ড্ৰাগছ বিৰোধী অভিযান আৰক্ষীৰ ৷ মঙলবাৰে ডিমাপুৰৰ পৰা সৰবৰাহৰ সময়ত প্ৰায় কোটি টকা মূল্যৰ হেৰ’ইন জব্দ কৰে নগাঁও আৰক্ষীয়ে । লগতে বিলাসী বাহনসহ দুই ড্ৰাগছ সৰবৰাহকাৰীক ।নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে স্বপনীল ডেকাই যোগদান কৰাৰ পিচতেই ড্ৰাগছৰ বিৰুদ্ধে এইটো প্ৰথম বৃহৎ অভিযান নগাঁও আৰক্ষীৰ । সোমবাৰে চলা এই অভিযানত জব্দ কৰা হয় প্ৰায় কোটি টকা মূল্যৰ হেৰ’ইন ।

এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত সোমবাৰে বিয়লি নগাঁও আৰক্ষীয়ে নগাঁও মহাবিদ্যালয়ৰ সমীপত আৰক্ষী অধীক্ষকৰ নিৰ্দেশত চলোৱা অভিযানত জালত পৰে দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী । AS 02 AJ 0170 নম্বৰৰ এখন ছুইফ্ট ডিজায়াৰ বাহনেৰে নগাঁৱলৈ হেৰ’ইনখিনি সৰবৰাহ কৰাৰ সময়ত আৰক্ষীৰ অভিযানকাৰী দলটোৱে হেৰ’ইনভৰ্তি 37 টা চাবোনৰ বাকচ জব্দ কৰিবলৈ সক্ষম হয় । জব্দ কৰা হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় কোটি টকা হ’ব বুলি ধাৰণা কৰা হৈছে ।

ডিমাপুৰৰ পৰা নগাঁৱলৈ হেৰ’ইনখিনি সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিল তিনি ড্ৰাগছ সৰবৰাহকাৰীয়ে ৷ আৰক্ষীৰ দলটোৱে দুই ড্ৰাগছ সৰবৰাহকাৰী আনৰুল ইছলাম আৰু মইনুদ্দিনক আটক কৰে যদিও আন এটা সৰবৰাহকাৰী পলায়ন কৰিবলৈ সক্ষম হয় । সম্প্ৰতি ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক : Man In Police Custody Commits Suicide : আৰক্ষীৰ জিম্মাত থকা আচামীৰ ৰহস্যজনক আত্মহত্যা