দেওবৰীয়া বজাৰত নিৰাপত্তাহীনতাত থলুৱা ব্যৱসায়ী

মৰিয়নি,২৫মাৰ্চ : দেওবৰীয়া বজাৰত নিৰাপত্তাহীনতাত থলুৱা ব্যৱসায়ী । চাৰি দশক পুৰণি জীৱিকাৰ স্থানত অবাধ বেদখলৰ অভিযোগ।
সদাব্যস্ত পথৰ কাষত দেওবৰীয়া সাপ্তাহিক বজাৰ। মৰিয়নিত ৪৫ বছৰেও থলুৱা ব্যৱসায়ীৰ বাবে গঢ় লৈ নুঠিল এখন স্থায়ী বজাৰ। যাৰ ফল ভূগিছে থলুৱা খেতিয়ক সকলে।
মৰিয়নি নগৰৰ দৈনিক বজাৰত একাংশ ব্যৱসায়ীয়ে অবধৈ মাটি বেদখল কৰাৰ অভিযোগ। কেৱল বিজ্ঞাপনতে সীমাবদ্ধ ‘পথাৰো আমাৰ বজাৰো আমাৰ’শ্ল’গান। উপযুক্ত বজাৰৰ অভাৱত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে থলুৱা খেতিয়কৰ। ১৯৭৮চনতে গঠন হোৱা মৰিয়নি নগৰ সমিতিয়ে ৪৫বছৰে মৰিয়নি নগৰত এখন স্থায়ী সপ্তাহিক বজাৰ স্থাপন কৰিব নোৱাৰিলে।
বৰ্তমান মৰিয়নি নগৰত এখন স্থায়ী সপ্তাহিক বজাৰৰ অভাৱত থলুৱা কৃষকে তেওঁলোকৰ উৎপাদিত শাক পাচলি বিক্ৰি কৰাৰ ক্ষেত্ৰত অসুবিধা সৃষ্টি হয়। ইপিনে মৰিয়নিৰ দৈনিক বজাৰত প্ৰায় ৫বিঘা মাটি আছে যদিও তাত সুপৰিকল্পিত ভালে বজাৰ স্থাপনৰ সদিচ্ছা অভাৱ মৰিয়নি পৌৰ সভাৰ। দৈনিক বজাৰত বহু মাটি একাংশ ব্যৱসায়িয়ে বেদখল কৰাৰ অভিযোগ উত্থাপন হৈছে।