Local, Vocal, Global

pigs smuggling : ৰাজ্য অবৈধ গাহৰি সৰবৰাহ

মৰিয়নি,২৫মাৰ্চ : গৰু নহয়,এইবাৰ অবৈধ গাহৰি সৰবৰাহ।

মৰিয়নিৰ নকচাৰীত জব্দ বৰ্হিৰাজ্যৰ গাহৰি। আমগুৰি মৰিয়নি ধোদৰ আলিয়েদি সৰবৰাহ হৈ আহিছে বৰ্হিৰাজ্যৰ গাহৰি(pigs smuggling)।

দেওবাৰে নিশা মৰিয়নি দেৱেৰাপাৰা আৰক্ষীয়ে জব্দ কৰে দুখন গাহৰিভৰ্ত্তি বাহন।

জানিব পৰা মতে আমগুৰিৰ জনৈক দিপাংকৰ ভূঞা নামৰ এজন ব্যক্তিয়ে প্ৰয়োজনীয় নথিপত্ৰ অবিহনে নাগালেণ্ডলৈ নিছিল গাহৰিসমূহ। জনৈক দিপাংকৰ ভূঞাৰ নেতৃত্বত প্ৰায়ে অবৈধভাৱে সৰবৰাহ হয় বহি ৰাজ্যৰ গাহৰি। গাহৰিভৰ্ত্তি বাহনদুখন জব্দ কৰি দেৱেৰাপাৰা আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ। উল্লেখ্য যে নিশাৰ ভাগত আমগুৰি মৰিয়নি পথেৰে এনেদৰে নিতৌ সৰবৰাহ হৈ আহিছে বৰ্হিৰাজ্যৰ গাহৰি(pigs smuggling)।

লগতে পঢ়ক : poor conditions of roads : বেছিমাৰী- দৈপাম সংযোগী গড়কাপ্তানী পথৰ দুৰৱস্থাৰ বাবে জীয়াতু ভুগিছে স্থানীয় ৰাইজে