Tragic Road Accident in Lokhra : অসম ৰাজ্যিক পৰিবহন বিভাগৰ ইলেকট্ৰিক বাছৰ খুন্দাত নিহত মহিলা

নিউজ ডেস্ক, ২৫ মাৰ্চ : ক্ৰমাৎ যেন মৰণফাণ্ডত পৰিণত হৈছে 27 নং ৰাষ্ট্ৰীয় ঘাইপথ । মহানগৰীত মুকলি হৈছে ৬খনকৈ উৰণ সেতু তাৰ পিছটো কমা নাই দুৰ্ঘটনা । যান-বাহনৰ গতিবেগ অত্যধিক হোৱাৰ ফলতে প্ৰতিদিনে সংঘটিত হৈছে এটাৰ পিচত আন এটা দুৰ্ঘটনা(Tragic Road Accident in Lokhra) ।
দেওবাৰে পুনৰ মহানগৰীৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । মহানগৰীৰ লখৰাৰ লালুংগাঁৱত দেওবাৰে নিশা সংঘটিত হয় দুৰ্ঘটনা ।
অসম ৰাজ্যিক পৰিবহন বিভাগৰ এখন ইলেকট্ৰিক বাছৰ খুন্দাত থিতাতে নিহত হয় এগৰাকী মহিলা ।
জানিব পৰা মতে, ৰাষ্ট্ৰীয় ঘাইপথটো পাৰ হ’বলৈ বিচৰা সময়তে সংঘটিত হয় দুৰ্ঘটনাটো ৷ তীব্ৰ বেগত অহা AS 20 2349 নম্বৰৰ বাছখনৰ খুন্দাত থিতাতে নিহত হয় মহিলাগৰাকী । ফলত ছিন্ন-ভিন্ন হৈ পৰে মহিলাগৰাকীৰ শৰীৰৰ অংগ(Tragic Road Accident in Lokhra) ।
ইয়াৰ পিচতে দুৰ্ঘটনাস্থলীত উপস্থিত হয় গড়চুক আৰক্ষী । আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল হাস্পতাললৈ প্ৰেৰণ কৰে ।
লগতে পঢ়ক : Sensational Murder In Bokakhat : গাড়ীৰ ভিতৰতে ডিঙি কাটি হত্যা যুৱকক