Local, Vocal, Global

মৰিয়নিত ইটা ভাটাৰ স্বত্বাধিকাৰৰ গুণ্ডাগিৰি

মৰিয়নি,২৪মাৰ্চ : মৰিয়নিত ইটা ভাটাৰ মালিকৰ গুণ্ডাগিৰি। কৰ্ত্যবৰত পৰিবহন বিভাগৰ দলক আক্ৰমনৰ চেষ্টা চলোৱাৰ অভিযোগ।

নকছাৰী ভেলুগুৰিৰ এটা ইটা ভাটাত সংঘটিত হৈছে এই ঘটনাটো । যোৰহাট পৰিবহন বিষয়া উৎপল বৰুৱাৰ নেতৃত্বত এটা দলে ভেলুগুৰিৰৰ ইটা ভাটাত চলাচল কৰা বাহনৰ নথি পত্ৰ পৰীক্ষাৰ বাবে গৈছিল। বাহনৰ নথি পত্ৰ পৰীক্ষাৰ বাবে যোৱা পৰিবহন বিভাগৰ দলটোক TATA ইটা ভাটাৰ স্বত্বাধিকাৰী অজিত বৰা ওৰফে জানৰ নেতৃত্বত এটা ভেৰোনীয়া গুণ্ডা বাহিনীৰ দলে হাতে হাতে দা, জাঠি, জোং লৈ আক্ৰমনৰ চেষ্টা চলোৱাৰ অভিযোগ।

গুণ্ডাবাহিনীটোৱে দীৰ্ঘ সময় ধৰি আৱদ্ধ কৰি ৰাখে পৰিবহন বিভাগৰ দলটোক। পৰিবহন বিভাগৰ দলটো ইটা ভাটীটোৰ পৰা কথমপি প্ৰাণ ৰক্ষা কৰি ওলাই আহিবলৈ সক্ষম হয়। ১৪ মাৰ্চ তাৰিখে সংঘটিত হৈছিল এই ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হোৱা পাছতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা।

লগতে পঢ়ক : Maulana Badruddin Ajmal : আজমলৰ বিৰুদ্ধে সৰৱ ধুবুৰীৰ নৈপৰীয়া !