Maulana Badruddin Ajmal : আজমলৰ বিৰুদ্ধে সৰৱ ধুবুৰীৰ নৈপৰীয়া!

হাটশিঙিমাৰী,২৪মাৰ্চ : সাংসদ মৌলানা বদৰউদ্দিন আজমলৰ বিৰুদ্ধে ক্ষোভ নৈপৰীয়া ৰাইজৰ ৷ জৰা-ফুকাৰ ৰাজনীতিক পৰিত্যাগৰ অংগীকাৰ খহনীয়া আক্ৰান্তৰ(Maulana Badruddin Ajmal) ।
এইবাৰৰ নিৰ্বাচনত বিকল্প জনপ্ৰতিনিধিৰ কথা চিন্তা নৈপৰীয়াৰ। মানকাচৰ সমষ্টিৰ মালিৰআলগা গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ডটো ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কৱলত পৰি ইতিমধ্যে বিধ্বস্ত হৈছে ৷ গৰাখহনীয়াৰ কৱলত পৰি বহু লোক মাটি-ভেটি হেৰুৱাই সৰ্বসান্ত হৈ পৰিছে ৷ দূৰ্ভগীয়া বহুকেইটা পৰিয়ালে এতিয়াও মালিৰআলগা গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ নদীৰ পাৰতে এনেদৰে দিন কটাবলগীয়া হৈছে ৷
উল্লেখ্য যে, মৌলানা বদৰ উদ্দিন আজমলে একেৰাহে ১৫ বছৰ ধৰি প্ৰতিনিধিত্ব কৰি অহা ধুবুৰী লোকসভা সমষ্টিৰ মানকাচৰৰ এই অঞ্চল সমূহত এতিয়ালৈকে সাংসদ গৰাকীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি ভুক্তভোগী পৰিয়ালে সাংবাদিকৰ আগত মৌলানা বদৰউদ্দিনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷