7 Bangladeshi Nationals Apprehended at Agartala Railway Station : অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত ৭ গৰাকী বাংলাদেশীক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ২৪মাৰ্চ : গ্ৰেপ্তাৰ ৭ গৰাকী বাংলাদেশী লোকক । অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে লোককেইজনক । আগৰতলা ৰে’লৱে ষ্টেচনত গ্ৰেপ্তাৰ কৰে বাংলাদেশী কেইজনক।
জি আৰ পি, আৰ পি এফ আৰু ত্ৰিপুৰা আৰক্ষীৰ বিশেষ শাখাই অভিযান চলাই। অভিযানত আগৰতলা ৰে’লৱে ষ্টেচনত পৰা গ্ৰেপ্তাৰ কৰে বাংলাদেশী কেইজনক(Seven Bangladeshi Nationals Arrested at Agartala Railway Station)।
জানিব পৰা মতে, কাঞ্চনজংঘা এক্সপ্ৰেছ উঠি চেন্নাইলৈ যোৱাৰ চেষ্টা চলাওতে বাংলাদেশী কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। গ্ৰেপ্তাৰ কৰা লোককেইজনৰ ভিতৰত ৪জন পুৰুষ, ২গৰাকী মহিলা আৰু এটি প্ৰায় ১০মহীয়া শিশু আছে(7 Bangladeshi Nationals Apprehended at Agartala Railway Station)।
আৰক্ষীয়ে লোককেইজনক আটক কৰি সোধা-পোচা কৰে । সোধা-পোচাৰ অন্তত লোককেইজনে স্বীকাৰ কৰে যে তেওঁলোক আটাইকেইজন বাংলাদেশী নাগৰিক ।
চৰকাৰী ৰে’ল আৰক্ষী কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া তাপস দাসে সদৰী কৰা অনুসৰি , বাংলাদেশী নাগৰিক কেইজনে ত্ৰিপুৰাৰ কোনটো সীমান্তৰে ভাৰতত প্ৰবেশ কৰিছিল, সেয়া সঠিকভাৱে ক’ব পৰা নাই যদিও সীমান্তৰ পৰা ৰে’ল ষ্টেচনলৈ আহিবলৈ প্ৰায় এঘণ্টা সময় লাগিছিল বুলি স্বীকাৰ কৰা বুলি জনায়।
কমিল্লা সীমান্ত বা কাষৰীয়া অঞ্চল ব্যৱহাৰ কৰি তেওঁলোকে ভাৰতত প্ৰবেশ কৰা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। ত্ৰিপুৰা – বাংলাদেশ সীমান্তত কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ পিছত কেনেকৈ ৭ গৰাকী বাংলাদেশী আগৰতলা ৰে’ল ষ্টেচনত প্ৰৱেশ কৰিলে, সেয়াও চিন্তাৰ বিষয় হৈ পৰিছে(7 Chennai-bound Bangladeshi Nationals arrested)।