Lurinjyoti Gogoi and Sarbananda Sonowal together at Haladhibari Nagar than : খোৱাঙৰ হালধিবাৰী নগৰ থানত সৰ্বানন্দ সোণোৱাল আৰু লুৰীণজ্যোতি গগৈক দেখা গ’ল একেলগে

নিউজ ডেস্ক,২৪মাৰ্চ : একেলগে দেখা গ’ল ডিব্ৰুগড় জিলাৰ লোকসভা সমষ্টিৰ মনোনীত দুই প্ৰাৰ্থীক । খোৱাঙৰ হালধিবাৰী নগৰ থানত সৰ্বানন্দ সোণোৱাল আৰু লুৰীণজ্যোতি গগৈক দেখা গ’ল একেলগে ।
আজি খোৱাঙৰ হালধিবাৰী নগৰ থানত অনুষ্ঠিত হোৱা বছৰেকীয়া ৰাজহুৱা সবাহত আৰ্শীবাদ ল’বলৈ আহে বিজেপি আৰু অসম জাতীয় পৰিষদৰ দুয়োগৰাকী প্ৰাৰ্থী । দুয়োজন প্ৰাৰ্থীয়ে থান গৃহত আৰ্শীবাদ গ্ৰহণ কৰা পিচত থানৰ মজিয়াতে একেলগে বহি চাহৰ জুতি লয় । দুয়োগৰাকীয়ে ইজনে সিজনৰ খবৰো লয় থান গৃহৰ ভিতৰত(Lurinjyoti Gogoi and Sarbananda Sonowal together at Haladhibari Nagar than) ।
ইয়াৰ পিচতে সাংবাদিকৰ আগত সৰ্বানন্দ সোণোৱালে কয়, “এয়াই হৈছে গণতন্ত্ৰ । লুৰীণক মই আৰ্শীবাদ দিছো ।
আনহাতে লুৰীণজ্যোতি গগৈয়ে সাংবাদিকৰ আগত কয়, “সৰ্বা দাৰ লগত কথা পাতিলো, ৰাজ্যসভাত আপুনি আছেই লোকসভাতো মোক দিয়ক, আপুনি কৰিব নোৱাৰা কাম মই কৰি দেখুৱাম(Lurinjyoti Gogoi and Sarbananda Sonowal together at Haladhibari Nagar than)। “
লগতে পঢ়ক :Man stabs girl in Delhi’s Mukherjee Nagar area :দিন-দুপৰতে ছুৰিকাঘাত যুৱতীক; ছুৰীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত যুৱতী