Local, Vocal, Global

JK Police Busts JeM Terror Module In Srinagar : জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত জব্দ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ; গ্ৰেপ্তাৰ ৪ সন্ত্ৰাসবাদী

নিউজ ডেস্ক,২৪মাৰ্চ : জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত জব্দ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ । গ্ৰেপ্তাৰ ৪ সন্ত্ৰাসবাদীক(JK Police Busts JeM Terror Module In Srinagar)।

জানিব পৰা মতে, শনিবাৰৰ নিশা শ্ৰীনগৰ আৰক্ষীয়ে অভিযান চলায় থকাৰ সময়তে জৈছ-ই-মহম্মদৰ জড়িত সন্ত্ৰাসবাদী মডুলক জম্মু-কাশ্মীৰ আৰক্ষী কৰায়ত্ত কৰে ৷ লগতে নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদৰ সৈতে জড়িত আন চাৰিজন সন্ত্ৰাসবাদী সহযোগীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে(Kashmir police, security forces bust Jaish-e-Mohammad module in Srinagar, 4 held) ।

আৰক্ষীৰ বিবৃতি অনুসৰি, শ্ৰীনগৰ আৰক্ষীয়ে ৫০ আৰ আৰ, ভেলী কিউ আৰ টি আৰু ২৯ বিলিয়ন চি আৰ পি এফৰ কৰ্মীৰে গঠিত কেনিহামা অঞ্চলত নৌগাম আৰক্ষী থানাৰ অধীনস্থ যৌথ চলমান বাহন চেক পোষ্ট (এম ভি চি পি) ত সন্ধিয়াৰ সময়ত চলা অভিযানত কৰায়ত্ত কৰা হয় এই সন্ত্ৰাসবাদীকেইজনক(Jaish Terror Module Busted In Srinagar, 3 Operatives Arrested With Weapons) ।

বিবৃতিটোত উল্লেখ কৰা অনুসৰি, আটক কৰা লোককেইজনৰ পৰা বিভিন্ন আপত্তিজনক সামগ্ৰী, অস্ত্ৰ-শস্ত্ৰ, আৰু গোলাবাৰুদ উদ্ধাৰ কৰে ।

আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : Tragic Road Accident in Behali : মৰ্মান্তিক দুৰ্ঘটনা; থিতাতে নিহত এজন , আহত দুজন