AAP workers stage protest against arrest of Kejriwal : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ প্ৰতিবাদত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী আপৰ

নেশ্যনেল ডেস্ক,২৪মাৰ্চ : দিল্লীত প্ৰতিবাদ । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী আম আদমী পাৰ্টীৰ ।
দেওবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ প্ৰতিবাদত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব আপে ৷ আজি সমগ্ৰ দিল্লীত মমবাতি লৈ পদযাত্ৰা আৰু প্ৰতিমূৰ্তি জ্বলোৱা কাৰ্যসূচীৰ ঘোষণা কৰিছে আম আদমী পাৰ্টীয়ে(AAP calls for citywide protest against arrest of Delhi CM Arvind Kejriwal) ।
শনিবাৰে জাৰি কৰা এক বিবৃতিযোগে আপে কয়, “বিজেপিৰ একনায়কত্ববাদ আৰু অৰবিন্দ কেজৰিৱালক ভুৱা গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত দেওবাৰে সমগ্ৰ দিল্লীত মমবাতি লৈ পদযাত্ৰা আৰু প্ৰতিমূৰ্তি জ্বলোৱা হ’ব । আমি সকলোৱে একেলগে অৰবিন্দ কেজৰিৱালৰ ঢাল হিচাপে থিয় দিব লাগিব ।”
উল্লেখ্য য়ে, আবকাৰী নীতিৰ গোচৰৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ২১ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল । মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শনিবাৰে দিল্লী উচ্চ ন্যায়ালয়ত তেওঁৰ গ্ৰেপ্তাৰ আৰু ২২ মাৰ্চত বিচাৰ আদালতে গৃহীত কৰা জিম্মাৰ নিৰ্দেশক প্ৰত্যাহ্বান জনায় ।
কেজৰিৱালৰ আইনী দলটোৱে কয় যে দিল্লী উচ্চতম ন্যায়ালয়ত দাখিল কৰা কেজৰিৱালৰ আবেদনত উল্লেখ কৰা হৈছে যে গ্ৰেপ্তাৰ আৰু জিম্মাৰ আদেশ দুয়োটা ‘অবৈধ’ আৰু তৎক্ষণাত জিম্মাৰ পৰা মুকলি হোৱাৰ অধিকাৰ কেজৰিৱালৰ আছে ।ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ পৰা তাৎক্ষণিক শুনানি বিচৰা হৈছে(AAP workers stage protest against arrest of Kejriwal) ।
পৰৱৰ্তী ২৮ মাৰ্চ পৰ্যন্ত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক ইডিৰ জিম্মাত ৰখা হৈছে ৷ সুৰা কেলেংকাৰিৰ পৰা অহা ধনৰ প্ৰধান হিতাধিকাৰী আম আদামি পাৰ্টী বুলি অভিযোগ উত্থাপন হৈছে । শুকুৰবাৰে ৰাউজ এভিনিউ আদালতে কেজৰিৱালক সুৰা নীতি কেলেংকাৰীৰ অভিযোগৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত 28 মাৰ্চলৈকে ছয় দিনৰ ইডি জিম্মাত প্ৰেৰণ কৰে।
দিল্লীৰ আবকাৰী নীতিৰ গোচৰৰ সৈতে জড়িত দুৰ্নীতিৰ অভিযোগত কেজৰিৱালক বৃহস্পতিবাৰৰ নিশা কেন্দ্ৰীয় সংস্থাটোৱে গ্ৰেপ্তাৰ কৰে ।
উল্লেখ্য যে, স্বাধীন ভাৰতত প্ৰথমবাৰৰ বাবে গ্ৰেপ্তাৰ হৈছে এজন কাৰ্যনিৰ্বাহক মুখ্যমন্ত্ৰী । ইতিমধ্যে, এই গোচৰৰ সৈতে জড়িতৰ অভিযোগত প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়া আৰু ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰা হৈছে ।