Wild Elephant Attacks Forest official : নগাঁৱত বন্যহস্তীৰ আক্ৰমণত আহত বন কৰ্মী

নগাঁও, ২৪মাৰ্চ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Wild elephants cause havoc in Nagaon)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়(Wild Elephant Attacks Forest official )।
নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ নগাঁৱত অব্য়াহত আছে বন্যহস্তীৰ উপদ্ৰৱ । এইবাৰ বন্যহস্তীৰ আক্ৰমণত আহত বন কৰ্মী(Wild elephant attacks forest official in Nagaon) ।
দেওবাৰে পুৱাই নগাঁৱৰ কচুৱাত বন্যহস্তীয়ে তাণ্ডৱ চলাই । বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত বন কৰ্মী । আহত বনকৰ্মী গৰাকী শ্বিৰাজ উদ্দীন বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে,দেওবাৰে পুৱা কচুৱাৰ চানখোলাত বন্যহস্তী খেদিবলৈ গৈ গুৰুতৰভাৱে আহত হয় শ্বিৰাজ উদ্দীন। বন্যহস্তীৰ আক্ৰমণত ককালত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বন কৰ্মী গৰাকী
বৰ্তমান উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে বন কৰ্মী গৰাকীক(Wild elephants cause havoc in Nagaon) ।
উল্লেখ্য যে,বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি অহা বন্যহস্তীৰ জাকটোৱে বৰ্তমানেও চানখোলা গাঁৱত অৱস্থান কৰি আছে ।