Dhubri Police Nab 2 With Suspected Heroin : ধুবুৰীত জব্দ বুজন পৰিমাণৰ হেৰ’ইন,আটক দুই সৰবৰাহকাৰী
নিউজ ডেস্ক, ২৩মাৰ্চ : ধুবুৰীত জব্দ বুজন পৰিমাণৰ হেৰ’ইন । ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই । ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম । নগৰ অঞ্চলৰ লগতে এতিয়া গ্ৰামাঞ্চলটো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা (Dhubri Police Nab 2 With Suspected Heroin) ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে (Dhubri Police Nab 2 With Suspected Heroin)। ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে অসম আৰক্ষীয়ে । অৱশ্যে ইয়াৰ মাজতে ড্ৰাগছ ব্যৱসায়ীয়ে নিতৌ সলনি কৰিছে কৌশল । কিন্তু কৌশল সলালেও আৰক্ষীৰ হাতৰ পৰা সাৰি যোৱা নাই ড্ৰাগছ সৰবৰাহকাৰী।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ ধুবুৰীত অব্য়াহত আছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ।
শনিবাৰে ধুবুৰী আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই । অভিযানত আৰক্ষীয়ে বুজন পৰিমাণৰ হেৰ’ইনৰসহ আটক কৰে দুই সৰবৰাহকাৰী । আটকাধীন লোক দুজন বৌ বজাৰৰ বালাকুটি গাঁৱৰ মুচাবুল স্ক আৰু চোতোলাওকুটি গাঁৱৰ জ্যোতিষ বিশ্বজিৎ সূত্ৰধৰ বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, আৰক্ষীয়ে ৯৬টা কণ্টেইনাত ১২১.৮২ গ্ৰাম হেৰ’ইন জব্দ কৰে