Local, Vocal, Global

Rhino Found Dead With Horn Removed : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ গঁড়ৰ মৃতদেহ

নিউজ ডেস্ক, ২৩ মাৰ্চ : ৰাজ্যত পুনৰ উদ্ধাৰ গড়ৰ মৃতদেহ । পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা কৰি খৰ্গ লৈ উধাও দুৰ্বৃত্ত । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ টুনিকাটি বন শিবিৰ এলেকাত সংঘটিত হৈছে এই ঘটনা(Rhino Found Dead With Horn Removed at Kaziranga National Park) ।

শনিবাৰে পুৱা পোহৰলৈ এই ঘটনা । কিন্তু বনকৰ্মী সকলৰ সন্দেহ অনুসৰি শুকুৰবাৰৰ নিশা সংঘটিত হৈছিল এই ঘটনাৰ । কাৰণ বনকৰ্মীয়ে জনোৱা অনুসৰি নিশা তেওঁলোকে কোনো ধৰণৰ গুলী চালনাৰ ঘটনা শুনা নাছিল।

শনিবাৰে পুৱা পৰ্যটকৰ দল লৈ বনকৰ্মীসকল সেই স্থানত উপস্থিত হোৱা পাছতে খৰ্গবিহীন মৃত গঁড়টোক প্ৰত্যক্ষ কৰে । তাৰ পিছতে ঘটনা সন্দৰ্ভত বনকৰ্মীসকলে উৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰে আৰু ইয়াৰ পিছতে বন বিভাগৰ শীৰ্ষ বিষয়াৰ লগতে স্থানীয় আৰক্ষী ঘটনাস্থলীলৈ ৰাওনা হয় আৰু চোৰাং চিকাৰিৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে(Rhino Found Dead With Horn Removed) ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলত এয়া প্ৰথমটো ঘটনা নহয়। পূৰ্বেও এনে অনুৰূপ ঘটনা সংঘটি হৈছিল । অৱশ্যে চলিত বছৰৰ আৰম্ভণিতে আগৰতলী বনাঞ্চলত অন্য এটা গঁড়ক হত্যা কৰা হৈছিল। আৰক্ষীয়ে অভিযান চলাই পৰৱৰ্তি সময়ত চোৰাং চিকাৰিক গ্ৰেপ্তাৰ কৰিছিল(Rhino killed in Kaziranga National Park, poachers sever horn)।

লগতে পঢ়ক : Two IPL Matches To Be Held In Guwahati : গুৱাহাটীত অনুষ্ঠিত হ’ব IPLৰ দুখনকৈ খেল