Daily Horoscope for 23th March : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল
মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে বৰ উজ্জ্বল ৷ বন্ধু বা পৰিয়ালৰ লোকৰ সৈতে আপুনি আনন্দৰে সৈতে সামাজিক উৎসৱ বা অনুষ্ঠানত যোগ দিব পাৰে ৷ বন্ধুৰ দ্বাৰা উপকৃত আৰু লাভবান হ’ব ৷ বন্ধুসকলক সুখী কৰিবলৈ খৰচ কৰিব পাৰে ৷
বৃষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ নতুন কাম আৰু উদ্যোগ হাতত ল’ব পাৰে ৷ কৰ্মস্থলীত আপোনাৰ কামৰ প্ৰশংসা কৰা হ’ব ৷ উপহাৰ লাভ কৰিব পাৰে ৷
মিথুন ৰাশি: দুৰ্বলতা, শক্তিহীনতা আৰু কামৰ প্ৰতি অনীহাৰ ইংগিত আছে ৷ পেটৰ সমস্যা হ’ব পাৰে ৷ বিনা কাৰণত ব্যয়ৰ সম্ভাৱনা আছে ৷ কৰ্মক্ষেত্ৰত অসুখী পৰিৱেশ আপোনাৰ দুখ বঢ়াই দিব ৷
কৰ্কট ৰাশি: আজিৰ দিনটো দুৰ্ভাগ্য আৰু আশংকা কঢ়িয়াই লৈ আহিব ৷ কোনোপধ্যেই মূৰ গৰম হ’বলৈ নিদিব ৷ অবৈধ আৰু অনৈতিক কামৰ চিন্তা মনৰপৰা দূৰত ৰাখক ৷
সিংহ ৰাশি: আজিৰ দিনটো আশানুৰূপ নহ’ব ৷ অংশীদাৰিত্ব কৰাৰ আগতে অধিক সতৰ্ক থাকক ৷ ব্যৱসায় সম্বন্ধীয় বিবাদৰপৰা দূৰত থাকিব ৷ স্বাস্থ্যৰ সমস্যা দেখা নিদিব ৷ সামাজিক, ৰাজহুৱা কামকাজ ভালকৈ সম্পন্ন হ’ব ৷ বিদেশীৰ সৈতে সাক্ষাতৰ সম্ভাৱনা আছে ৷ অৱশ্যে সকলো ভাল হ’ব বুলি আশা কৰি বহি নাথাকিব ৷
কন্যা ৰাশি: আজিৰ দিনটো আপোনাৰ মনোৰম ৷ সাংসাৰিক সুখ আৰু শান্তি বিৰাজ কৰিব ৷ আজি গোটেই দিন আপুনি উৎসাহ-উদ্দীপনাৰে পৰিপূৰ্ণ হৈ থাকিব ৷ সকলো দিশৰপৰা আপুনি আনন্দ আৰু পৰিতৃপ্তি লাভ কৰিব ৷ আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব ৷
তুলা ৰাশি: আপোনাৰ বাবে প্ৰভূত আনন্দ অপেক্ষা কৰি আছে ৷ বৌদ্ধিক কাৰ্যই আপোনাক আনন্দ আৰু সন্তুষ্টি প্ৰদান কৰিব ৷ আপোনাৰ সুখ-সমৃদ্ধি বৃদ্ধি কৰিব সন্তানে ৷ অদিক চিন্তা বা দুশ্চিন্তা নকৰিব ৷ আজিৰ দিনটোক কেৱল উপভোগ কৰক ৷
বৃশ্চিক ৰাশি: আজি দিনটো ধীৰ-স্থিৰ আৰু শান্ত হৈ থাকক ৷ স্বাস্থ্যক লৈ চিন্তা বাঢ়িব ৷ আজি নাৰী আৰু পানী দেখিলেই আপোনাৰ খং উঠিব ৷
ধনু ৰাশি: পৰাবিদ্যা, আধ্যাত্মিকতা সম্বন্ধীয় কাৰ্যত আপোনাৰ দিনটো পাৰ হৈ যাব। সুখকৰ ভ্ৰমণৰ সম্ভাৱনা আছে ৷ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধিৰ ইংগিত আছে ৷
মকৰ ৰাশি: পৰিয়ালত কোনোবাৰ বেমাৰ হোৱাৰ কাৰণে উদ্বেগ বাঢ়িব আপোনাৰ ৷ স্বাস্থ্য একে থাকিব ৷ চকুত সংক্ৰমণ হ’ব পাৰে ৷ আপোনাৰ সুস্থ মনোভাৱৰ ফলত আপুনি সকলো ধৰণৰ নেতিবাচক মনোভাৱ দূৰ কৰিব পাৰিব৷
কুম্ভ ৰাশি: আজি গোটেই দিন আপুনি প্ৰাণৱন্ত আৰু উলহ মালহেৰে পূৰ্ণ হৈ থাকিব ৷ গ্ৰহৰ অৱস্থানে আপোনাৰ বাবে লাভ আৰু উপকাৰৰ ইংগিত দি আছে ৷ পৰিয়ালৰ লোকৰ সৈতে আনন্দদায়ক ভ্ৰমণত যাব পাৰে ৷ সকলো ধৰণৰ নেতিবাচক চিন্তা মনৰপৰা দূৰত ৰাখক ৷ আজিৰ দিনটো দাম্পত্য সুখ কঢ়িয়াই আনিব ৷
মীন ৰাশি: আজি আপুনি কোনো কাম মনোযোগ দি থাকিব নোৱাৰিব ৷ মন বিমৰ্ষ হৈ থাকিব আৰু কোনো বস্তুৰ প্ৰতি আগ্ৰহ নাথাকিব ৷ ধৰ্মীয় বিষয়ত অত্যধিক ব্যয়ৰ সম্ভাৱনা আছে ৷সৰু-সুৰা লাভৰ পিছে পিছে দৌৰি থাকিলে ডাঙৰ কোনো ক্ষতি হৈ যাব পাৰে ৷ আইনী বিষয়ক সাৱধানে চলাই লৈ যাব লাগিব ৷ প্ৰাৰ্থনা আৰু ধ্যান কৰিলে দিনটো ভালে যাব ৷