Local, Vocal, Global

Congress workers join BJP : আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে বিশ্বনাথ জিলাৰ কংগ্ৰেছ নেতা অঞ্জন বৰাই

নিউজ ডেস্ক, ২১মাৰ্চ : কংগ্ৰেছত ব্যাপক খহনীয়া । আগন্তুক লোকসভাৰ নিৰ্বাচন । নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক তথা বিৰোধী পক্ষ কিন্তু তাৰ পূৰ্বে কংগ্ৰেছত দেখা দিছে খহনীয়তাই । এইবাৰ কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান। কংগ্ৰেছী নেতা-কৰ্মীৰ বিজেপিত যোগদানক লৈ এতিয়া কংগ্ৰেছৰ ভিতৰচৰাতে জোকাৰণি সৃষ্টি কৰিছে।

বিশ্বনাথ সমষ্টিৰ প্ৰাৰ্থী তথা কংগ্ৰেছ নেতা অঞ্জন বৰাই বৃহস্পতিবাৰে যোগদান কৰিলে বিজেপিত ৷ আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে বিশ্বনাথ জিলাৰ কংগ্ৰেছ নেতা অঞ্জন বৰাই।

উল্লেখ্য যে, বিশ্বনাথ নগৰৰ হোটেল লি-প্লেছত অনুষ্ঠিত এখন সংবাদমেল যোগে অঞ্জন বৰা সহ সমৰ্থকে এই কথা জানিব দিয়ে। যোৱা বিধান সভা নিৰ্বাচনত বিশ্বনাথ বিধান সভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি প্ৰায় ৬০ হাজাৰধিক ভোট লাভ কৰা কংগ্ৰেছ নেতা অঞ্জন বৰাই সমৰ্থকসহ আজি প্ৰায় পঞ্চাছ খন গাড়ীৰে ৰেলী কৰি তেজপুৰত আনুষ্ঠানিক ভাবে বিজেপিত যোগদান কৰিবলৈ ৰাওনা হয়। তেজপুৰত ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্ব আৰু মন্ত্ৰীৰ উপস্থিতিত কংগ্ৰেছ নেতাজনে কৰ্মীসহ যোগদান কৰিব বুলি জানিব দিছে।

আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে প্ৰায় পাঁচ শতাধিক সমৰ্থক সহ নেতা গৰাকীয়ে।

লগতে পঢ়ক : Illegal beef meat trade is going at Bilasipara : ৰাজ্যত অব্যাহত আছে নিষিদ্ধ গো-মাংসৰ ৰমৰমীয়া ব্যৱসায়