Local, Vocal, Global

Illegal beef meat trade is going at Bilasipara : ৰাজ্যত অব্যাহত আছে নিষিদ্ধ গো-মাংসৰ ৰমৰমীয়া ব্যৱসায়

বিলাসীপাৰা, ২১মাৰ্চ : ৰাজ্যত অব্যাহত আছে নিষিদ্ধ গো-মাংসৰ ৰমৰমীয়া ব্যৱসায়৷

সমগ্ৰ ৰাজ্যতে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী (Assam Police Drive Against Cattle Smuggling)। ড্ৰাগছ,পশুধন সৰবৰাহ আদিৰ বিৰুদ্ধে সষ্টম ৰাজ্যৰ প্ৰশাসন। অসম আৰক্ষীয়ে বিভিন্ন সময়ত বিভিন্ন বে-আইনী কামৰ বিৰুদ্ধে চলাই আহিছে অভিযান। একাংশ অসাধু চক্ৰই ঠায়ে ঠায়ে বিভিন্ন অঞ্চলত এতিয়াও চলাই আছে গো-মাংসৰ গৰুৰ ৰমৰমীয়া ব্যৱসায়(Cattle Smuggling)।

ৰাজ্য চৰকাৰে পশুধনৰ সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে ২০২১ চনত গো-সুৰক্ষা আইন প্ৰণয়ন কৰিছিল। এই গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ চোৰাং বেহা আৰু অবৈধভাৱে গৰুৰ মাংস বিক্ৰী কৰা লোকৰ ওপৰত কঠোৰ শাস্তি প্ৰদানৰ দিহা কৰা হৈছে। গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ সৰবৰাহত বাধা আৰোপ কৰিছে যদিও এতিয়াও ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহৰ লগতে গো-মাংসৰ ৰমৰমীয়া ব্যৱসায়(Illegal beef meat trade is going at Bilasipara )।

অবৈধ গৰু সৰবৰাহ ক্ষেত্ৰত পূৰ্বতকৈ অধিক কঠোৰ হৈছে অসম আৰক্ষী। ৰাজ্যত বিভিন্ন স্থানত দিনে নিশাই চলাই আছে অভিযান। বিভিন্ন স্থানত অভিযান চলাই ইতিমধ্য়ে অসম আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বহু সৰবৰাহকাৰী।

কিন্তু একাংশ দুষ্ট চক্ৰই আৰক্ষীৰ চকুত ধূলি দি নিতৌ নতুন নতুন পন্থা অৱলম্বন কৰি আছে। গৰু বেচা কিনাৰ লগতে গৰু সৰবৰাহ বন্ধৰ ক্ষেত্ৰত প্ৰশাসনে বিশেষ তৎপৰতা গ্ৰহণ কৰি অহাৰ সময়তে বিলাসীপাৰা বিভিন্ন স্থানত চোৰাংভাৱে চলি আহিছে গো-হত্যা আৰু বিশেষ মাংসৰ ৰমৰমীয়া ব্যৱসায়।

অসাধু ব্যবসায়ীয়ে নিতৌ নিত্য নতুন কৌশল অৱলম্বন কৰি বিক্ৰী অব্যাহত ৰাখিছে গৰুৰ মাংসৰ ব্যৱসায় ।বিলাসীপাৰাত গো-মাংস ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ।
অভিযানত নয়াহাটত ৪ কুইন্টল গো-মাংস সহ জব্দ বলেৰো পিক আপ বাহন(Illegal beef meat trade is going at Bilasipara ) ।

জানিব পৰা মতে, AS-26 AC0734 নম্বৰৰ বলেৰো পিক-আপ বাহনখনত আনিছিল মাংসখিনি। অৱশ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই।

লগতে পঢ়ক : Girl Goes Missing From Sarthebari : সৰ্থেবাৰীৰ বৰঘোপাৰ পৰা নিৰুদ্দেশ ছাত্ৰী