Local, Vocal, Global

killer Ratul Roy sentenced to life imprisonment : অৰুণ-অনিতাৰ হত্যাকাৰী ৰাতুল ৰায়ক যাৱজ্জীৱন কাৰাদণ্ড

বিলাসীপাৰা,২১ মাৰ্চ : ১৫ বছৰৰ পিছত শাস্তি ঘোষণা হত্যাকাৰীৰ । অৰুণ-অনিতাৰ হত্যাকাৰী ৰাতুল ৰায়ক যাৱজ্জীৱন কাৰাদণ্ড ।

বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান। অৰুণ ৰায় আৰু অনিতা ৰায়ৰ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড। সুদীৰ্ঘ ১৫ বছৰ পিছত ন্যায় পালে হত্যাৰ বলি হোৱা অৰুণ ৰায় আৰু অনিতা ৰায়ৰ পৰিয়ালে।

উল্লেখ্য যে, বিলাসীপাৰা মহকুমাৰ চাপৰ থানাৰ অন্তৰ্গত চৈবাৰী হিন্দুপাৰাত ২০০৯ চনত সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড। চৈবাৰী হিন্দুপাৰা গাঁৱৰ বাসিন্দা ৰাতুল ৰায়ে একেখন গাঁৱৰ অৰুণ ৰায় আৰু অনিতা ৰায়ক নৃশংসভাৱে হত্যা কৰিছিল। পূৰ্ব পৰিকল্পিত ভাবে দাৰে আক্ৰমণ কৰি হত্যা কৰিছিল অৰুণ-অনিতাক।

ঘটনা সন্দৰ্ভত অৰুণ আৰু অনিতাৰ পৰিয়ালৰ লোকে তৰা অভিযোগৰ ভিত্তিত চাপৰ থানাত 157/09 নম্বৰত গোচৰ ৰুজু কৰা হৈছিল। বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত গোচৰটোৰ শুনানী গ্ৰহণ কৰি আজি চূড়ান্ত ৰায় প্ৰদান কৰা হয়। ন্যায়াধীশ মুকুল চেতীয়াৰ বিচাৰপীঠে হত্যাকাণ্ডৰ অভিযুক্ত ৰাতুল ৰায়ক ভাৰতীয় দণ্ডবিধিৰ 341/302/326/307 ধাৰাত ৰাতুল ৰায়ক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে। এই ৰায়দানৰ পিছতে ১৫ বছৰ পিছত ন্যায় পোৱা দুৰ্ভগীয়া পৰিয়ালটোৱে সন্তুষ্টি প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : STF arrests three drug peddlers : যোৰাবাটত নিচাজাতীয় সামগ্ৰীসহ আটক তিনি সৰবৰাহকাৰী