Local, Vocal, Global

Tragic fire in Jaipur claims lives of 5 family members : বিধ্বংসী অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু একেটা পৰিয়ালৰ ৫জনৰ

নেশ্যনেল ডেস্ক, ২১মাৰ্চ : বিধ্বংসী অগ্নিকাণ্ড । জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু একেটা পৰিয়ালৰ ৫জনৰ(Three children among five of family burnt to death after cylinder catches fire in Jaipur) ।

ৰাজস্থানৰ জয়পুৰত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা।ৰাজস্থানৰ জয়পুৰত বিশ্বকৰ্মা থানা এলেকাৰ এটা বাসগৃহত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এই অগ্নিকাণ্ড ইমানে ভয়ংকৰ আছিল যে জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ গ’ল একেটা পৰিয়ালৰ ৫জনৰ। ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ড সংঘটি হোৱাৰ সন্দেহ কৰা হৈছে(Tragic fire in Jaipur claims lives of 5 family members) ।

জানিব পৰা মতে, ৰাজস্থানৰ জয়পুৰত এহাল দম্পতী আৰু তেওঁলোকৰ তিনিটা সন্তানৰ সৈতে শুই থকাৰ অৱস্থাতে চিলিণ্ডাৰৰ পৰা অগ্নিকাণ্ড সংঘটিত হয় জীৱিত অৱস্থাত অগ্নিদগ্ধ হয় ।

এই ভয়ংকৰ অগ্নিকাণ্ডৰ খবৰ পোৱা লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নিৰ্বাপনৰ চেষ্টা চলাই ।

কিন্তু জুই নিয়ন্ত্ৰণ কৰাৰ আগতে পৰিয়ালৰ গোটে কেইজন জ্বলি যায়(Five people including 3 kids burnt alive in LPG cylinder fire in Jaipur) ।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত নিজাকৈ গোচৰ ৰুদু কৰি তদন্ত আৰম্ভ কৰিছে ।

মুখ্যমন্ত্রী ভজনলাল শর্মাইও এই ঘটনাক লৈ গভীৰ শোক প্রকাশ কৰি এক্সত লিখে,”জয়পুৰৰ বিশ্বকৰ্মাত অগ্নিকাণ্ড সংঘটিত হৈ ৫ জন লোকৰ অকাল মৃত্যুৰ খবৰটো হৃদয় বিদাৰক। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে বিদেহী আত্মাক শান্তি প্ৰদান কৰে যেন।

লগতে পঢ়ক : Actor Spandan Barthakur passes away : অভিনেতা স্পন্দন বৰঠাকুৰ আৰু নাই