Dead Body Recovered in Jorhat : নদীৰ কাষত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

নিউজ ডেস্ক, ২১মাৰ্চ : ৰাজ্যৰ পুনৰ উদ্ধাৰ মৃতদেহ । নদীৰ কাষত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ(Dead Body Recovered in Jorhat) ।
ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে(Dead Body Recovered ) ।
পুনৰ যোৰহাটত উদ্ধাৰ যুৱকৰ মৃতদেহ । ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ মৃতদেহ ।
জানিব পৰা মতে, ভোগদৈ নদীৰ কাষত উদ্ধাৰ হয় মৃতদেহটো। উদ্ধাৰ হোৱা মৃতদেহটো ফিৰোজ নামৰ যুৱকজনৰ বুলি চিনাক্ত কৰা হৈছে । বুধবাৰৰ দিনৰ পৰা নিৰুদ্দেশ হৈ আছিল ফিৰোজ। বৃহস্পতিবাৰে পুৱা ভোগদৈ নদীৰ কাষত ক্ষত-বিক্ষত অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় লোকে ।
কোনো লোকে যুৱকজনক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় লোকে।
লগতে পঢ়ক : All agency banks to remain open for public on Sunday, March 31 : ৩১ মাৰ্চত উপলব্ধ হ’ব বেংক সেৱা