Yaba tablets seized in Bokajan : বোকাজানত জব্দ বুজন পৰিমাণৰ য়াবা টেবলেট
নিউজ ডেস্ক, ২০মাৰ্চ : পুনৰ ৰাজ্যত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ । ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই । ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম । নগৰ অঞ্চলৰ লগতে এতিয়া গ্ৰামাঞ্চলটো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা(Yaba tablets seized in Bokajan) ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে (Assam police raid against drugs)। ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে অসম আৰক্ষীয়ে । অৱশ্যে ইয়াৰ মাজতে ড্ৰাগছ ব্যৱসায়ীয়ে নিতৌ সলনি কৰিছে কৌশল । কিন্তু কৌশল সলালেও আৰক্ষীৰ হাতৰ পৰা সাৰি যোৱা নাই ড্ৰাগছ সৰবৰাহকাৰী।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ কৰিমগঞ্জত অব্য়াহত আছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । ইয়াৰ সমান্তৰালকৈ বোকাজানতো আছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ।
বোকাজানত জব্দ বুজন পৰিমাণৰ য়াবা টেবলেট । আটক এজন সৰবৰাবকাৰী । খটখটী আৰক্ষীৰ নাকা তালাচীত অভিযানত আৰক্ষীয়ে জব্দ কৰে প্ৰায় দহ হেজাৰ য়াবা টেবলেট।
জানিব পৰা মতে, ডিমাপুৰৰ পৰা তেজপুৰ অভিমুখী AS-02-AC-0651 নম্বৰৰ যাত্ৰীবাহী বাছৰ পৰা উদ্ধাৰ কৰা হৈছে নিচাযুক্ত টেবলেটখিনি । নিচাযুক্ত টেবলেটসহ আৰক্ষীৰ জালত পৰে মণিপুৰৰ ৰাইছ খান নামৰ সৰবৰাহকাৰীটো।
লগতে পঢ়ক : passengers hurt after bus falls into ditch : নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ