4 Killed After Vehicle Carrying Tourists Falls Into Gorge : পথৰ পৰা দ’ খাৱৈত বাগৰি পৰিল পৰ্যটকৰ বাহন;নিহত ৪জন, আহত ১৩জন
নেশ্যনেল ডেস্ক, ২০মাৰ্চ : পথৰ পৰা খাৱৈত বাগৰি পৰিল পৰ্যটকৰ বাহন। ফলত নিহত ৪গৰাকীকৈ লোক, আহত ১৩জন(4 Killed After Vehicle Carrying Tourists Falls Into Gorge) ।
কেৰালাৰ ইডুক্কিত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা । মঙলবাৰে কেৰালাৰ ইডুক্কিত এখন যাত্ৰীবাহী বাহন দুৰ্ঘটনাগ্ৰস্ত হয়। পথৰ পৰা দ খাৱৈত বাগৰি পৰে পৰ্যটকৰ বাহন।ফলত দুৰ্ঘটনাত শিশুসহ নিহত হয় ৪গৰাকী লোক। গুৰুতৰভাৱে আহত ১৩জনকৈ লোক। তামিলনাডুৰ বাসিন্দা আছিল আটাইকেইজন পৰ্যটক(4 dead, 13 injured as tourist vehicle from Tamil Nadu overturns in Kerala)।
জানিব পৰা মতে, মঙলবাৰে সন্ধিয়া তিৰুনালভেলী অজন্তা প্ৰেচাৰ কুকাৰ কোম্পানীয়ে কৰ্মচাৰী আৰু পৰিয়ালবৰ্গ ভ্ৰমণলৈ যায় । মুন্নাৰ আৰু অনাকুলাম ভ্ৰমণ কৰি তামিলনাডুলৈ উভতি আহি থকা অৱস্থাত এই দুৰ্ঘটনাটো সংঘটিত হয়(4 Killed After Vehicle Carrying Tourists Falls Into Gorge In Kerala)।
দুৰ্ঘটনাটোত নিহত হোৱা লোকসকলৰ ভিতৰত আছে ৪০ বছৰীয়া অভিনেশ মূৰ্তি, অভিনেশৰ এবছৰীয়া পুত্ৰ তনৱিক, ৭১ বছৰীয়া থেনীৰ স্থানীয় গুণসেকৰণ, ইৰোডৰ পৰা পি কে ছেঠু, বিশাখা মেটালৰ স্বত্বাধিকাৰী।
এই ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ লোকসকলক উদ্ধাৰ কৰি আদিমলী তালুক চিকিৎসালয়লৈ প্ৰেৰণ কৰে(4 killed after vehicle falls into gorge in Idukki) ।
লগতে পঢ়ক : Cattle Smuggling in Bijni : বিজনীত জব্দ ১৪ টাকৈ অবৈধ গৰু