Local, Vocal, Global

Ahead of Lok Sabha polls, miscreants open fire on Cong candidate : কংগ্ৰেছৰ ৰাজহুৱা সভাত গুলীচালনাৰ ঘটনা

নিউজ ডেস্ক, ২০মাৰ্চ : কংগ্ৰেছৰ ৰাজহুৱা সভাত গুলীচালনাৰ ঘটনা । মঙলবাৰে সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো

মঙলবাৰে মণিপুৰৰ উখৰুলত কংগ্ৰেছ দলৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল । সেই সময়তে সংঘটিত হয় অঘটন(Ahead of Lok Sabha polls, miscreants open fire on Cong candidate) ৷

জানিব পৰা মতে, কংগ্ৰেছ সভা চলি থকাৰ সময়তে কেবাজনো অচিনাক্ত বন্দুকধাৰীয়ে ধাৰাসাৰ গুলীচালনা কৰে । গুলীচালনাৰ ঘটনা সংঘটিত হোৱাত প্ৰাৰ্থী আলফ্ৰেড কাংনাম আৰ্থা কোনোমতে পলাই যাবলৈ সক্ষম হয় ।

এই ভয়ংকৰ ঘটনা সন্দৰ্ভত মণিপুৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি কে মেঘাচন্দ্ৰই কয় যে, এই শিহৰণকাৰী ঘটনাটো মঙলবাৰে দুপৰীয়া প্ৰায় ২ বজাত সংঘটিত হয় ৷

লগতে কে মেঘাচন্দ্ৰই কয় যে যদি এনেকুৱা ঘটনা সংঘটিত হৈ থাকে তেন্তে ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত কৰাটো সম্ভৱ নহ’ব ৷ ঘটনাৰ বাবে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক দায়ী কৰি তেওঁ কয় যে পৰ্যাপ্ত নিৰাপত্তা প্ৰদান কৰা আৰু সকলোৰে বাবে সুৰক্ষিত পৰিৱেশ সৃষ্টি কৰাটো চৰকাৰৰ কাম । ৰাজ্যখনত শান্তি আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ দাবী কৰে কংগ্ৰেছ নেতাগৰাকীয়ে(Meeting venue of intending Cong candidate in Outer fired upon) ৷

লগতে পঢ়ক : Poll Body Issues Notification For First Phase Of Lok Sabha Elections : লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি;বুধবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে জাৰি কৰিলে অধিসূচনা