Local, Vocal, Global

Rape Accused Shot In Leg During Escape Attempt : কাছাৰত পুনৰ আৰক্ষীৰ গুলীচালনা;আৰক্ষীৰ গুলীত আহত জমিৰ উদ্দিন নামৰ এটা দুষ্কৃতিকাৰী

নিউজ ডেস্ক, ২০মাৰ্চ : অপহৰণকাৰী ঘটনাৰ লগত জড়িত অভিযুক্তলৈ আৰক্ষীৰ গুলচালনা(Rape Accused Shot In Leg During Escape Attempt) ।

বুধবাৰে সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো । পুৱতিনিশা কাছাৰৰ পালইৰবন্দত সংঘটিত এই ঘটনাটো। আৰক্ষীৰ গুলীত আহত অভিযুক্তটো জমিৰ উদ্দিন বুলি জানিব পৰা গৈছে ।ভৰিত গুলীবিদ্ধ ধৃত জমিৰ উদ্দিন। গুলীবিদ্ধ জমিৰ উদ্দিনক সংকটজনক অৱস্থাত শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে ।গুলীবিদ্ধ জমিৰৰ ঘৰ কাছাৰৰ শ্ৰীকোণা আলমবাগত(Rape Accused Shot In Leg During Escape Attempt In Cachar)।

জানিব পৰা মতে, আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰাৰ সময়ত ধৃতলোকজনৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে গুলীচালনা কৰে ।

কাছাৰৰ আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি , “যোৱা ১৬ মাৰ্চৰ পুৱা কাছাৰৰ লক্ষীপুৰ শিৱপুৰৰ পৰা এগৰাকী বোৱাৰীক অপহৰণ কৰিছিল জমিৰে । প্রাতঃভ্রমণলৈ যোৱা বোৱাৰীগৰাকীক চাৰি দুৰ্বৃত্তই এখন বাহনেৰে অপহৰণ কৰি লৈ গৈছিল । অপহৰণ কৰি লৈ গৈ বোৱাৰীগৰাকীক ধৰ্ষণৰ চেষ্টা চলায় চাৰি অপহৰণকাৰী দুৰ্বৃত্তই ।”

ইয়াৰ পাছতে আৰক্ষীয়ে তৎপৰতাৰে তদন্ত আৰম্ভ কৰে আৰু চাৰি দুৰ্বৃত্তসহ এগৰাকী মহিলাক এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

মঙলবাৰৰ নিশা এই ঘটনাৰ মূল অভিযুক্ত জমিৰ উদ্দিন নামৰ অভিযুক্তজনক আৰক্ষীয়ে অপহৰণ কাণ্ডত ব্যৱহৃত অস্ত্ৰ উদ্ধাৰ কৰাৰ বাবে কাছাৰৰ পালইৰবন্দ অঞ্চললৈ লৈ যায় । ইয়াতেই ঘটনাৰ মূল অভিযুক্ত জমিৰ উদ্দিনে এগৰাকী আৰক্ষী জোৱানক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰে ৷ তেতিয়াই আৰক্ষীয়ে জমিৰ উদ্দিনলৈ লক্ষ্য কৰি দুই জাঁই গুলীচালনা কৰে(Rape Accused Shot In Leg During Escape Attempt In Cachar) ।

লগতে পঢ়ক : 4 children drown to death in Manipur : নদীত গা ধুবলৈ গৈ সলিল সমাধি চাৰিটাকৈ শিশুৰ